দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত এ আই কে কে এম এছৰ ধুবুৰী জিলা সমিতিয়ে জাঠা মিছিল কাৰ্যসূচী ৰূপায়ন কৰি তিনি কৃষি আইন, বিদ্যুৎ বিল ২০২০ বাতিলৰ দাবী উত্থাপন কৰাৰ লগতে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে উত্তাল প্ৰতিবাদ সাবস্থ্য কৰে। উল্লেখযোগ্য যে অল ইণ্ডিয়া কিষান খেত মজদূৰ সংগঠন চমুকৈ এ আই কে কে এম এছৰ আহ্বানত আৰু অসম ৰাজ্যিক সমিতিৰ নিৰ্দেশত মঙলবাৰে ধুবুৰী জিলা সমিতিয়ে দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত তিনিটা পৃথক জাঠা মিছিল কাৰ্যসূচী ৰূপায়ন কৰে।

এই জাঠা মিছিল কাৰ্যসূচীৰ জৰিয়তে এ আই কে কে এম এছে চৰকাৰৰ বিৰূদ্ধে উত্তাল প্ৰতিবাদ সাবস্থ্য কৰে। ফকিৰগঞ্জ থানাৰ অন্তৰ্গত ওৱাহাব বজাৰৰ পৰা প্ৰায় শতাধিক প্ৰতিবাদকাৰীযে হাতে হাতে বেনাৰ, পোষ্টাৰ আৰু প্লে-কাৰ্ড লৈ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি উত্তাল প্ৰতিবাদ সাবস্থ্য কৰে। একেদৰে অঞ্চলটোৰ ৰাধুৰাম চাৰিআলি বজাৰ আৰু আমবাৰী ভূঞাপাৰা বজাৰৰ পৰা আন দুটা জাঠা মিছিল কাৰ্যসূচীৰ উলিয়াই প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্ল’গান দি ফকিৰগঞ্জ বজাৰত উপস্থিত হয়। অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক সুৰুত জামান মণ্ডল এই জাঠা মিছিল কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাইজক উদ্দেশ্যি চৰকাৰৰ বিৰূদ্ধে বক্তব্য প্ৰদান কৰে।

চৰকাৰৰ তিনি কৃষি আইনক প্ৰতিবাদকাৰী সকলে কৰ্পৰেট স্বাৰ্থবাহী তিনি ক’লা আইন আখ্যা দিয়াৰ লগতে এই আইন আৰু বিদ্যুৎ বিল ২০২০ বাতিল কৰিবলৈ চৰকাৰক আহ্বান জনায়। একেদৰে দেশজুৰি পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছকে ধৰি সকলো প্ৰকাৰৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ফলত সাধাৰণ ৰাইজ জুৰুলা হৈ পৰিছে বুলিও প্ৰতিবাদকাৰী সকলে প্ৰকাশ কৰে। দেশত চৰকাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ নকৰিলে এ আই কে কে এম এছে পৰৱৰ্তী সময়ত অধিক ভয়াবহ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে মন্তব্য কৰে।