গুৱাহাটী : মহানগৰীত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড। নিশাৰ ভাগত বৃদ্ধ দম্পতীক নৃশংসভাৱে হত্যা কৰা হয় মহানগৰী গুৱাহাটীৰ বেলতলাত। ডকাইতে এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ। আৰক্ষীৰ তদন্ত অব্যাহত।

এক নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে মহানগৰী গুৱাহাটী। মঙলাবাৰে পুৱাৰ ভাগত পোহৰলৈ আহিছে এই নৃশংস হত্যাকাণ্ডৰ ঘটনা। বেলতলাৰ ছাৰ্ভেৰ চন্দন নগৰত বৃদ্ধ দম্পতীক অতি নৃশংসভাৱে হত্যা কৰা হৈছে।

নিশা শোৱাপাটীতে চোকা অস্ত্ৰৰে নৃশংসভাৱে বৃদ্ধ দম্পতীক হত্যা দুৰ্বৃত্তই। ৮৬ বছৰীয়া ননী বৰুৱা আৰু ৮০ বছৰীয়া তেওঁৰ পত্নী মীনা বৰুৱাক দুৰ্বৃত্তই নিশা হত্যা কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

দুৰ্বৃত্তৰ আক্ৰমণত নিহত হোৱা ননী বৰুৱা আৰু মীনা বৰুৱাৰ এগৰাকী কন্যা লণ্ডন আৰু অন্য এগৰাকী কন্যা কৰ্মসূত্ৰে বেংগালুৰুত থাকে বুলি জানিব পৰা গৈছে। নিশাৰ ভাগত ডকাইতৰ দলে এই হত্যাকাণ্ড সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।