গুৱাহাটী : পুনৰ মহানগৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ বৃহৎ সাফল্য। মহানগৰ আৰক্ষীৰ জালত পৰিল বৃহৎ পৰিমাণৰ ড্ৰাগছসহ চৰিজন ড্ৰাগছ সৰবৰাহকাৰী। জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৪ কোটি টকা।

আৰক্ষীৰ ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযানৰ আন এক বৃহৎ সাফল্য লাভ কৰিছে গুৱাহাটী মহানগৰ আৰক্ষীয়ে। এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই বশিষ্ঠত মহানগৰ আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ।

বশিষ্ঠ আৰক্ষীয়ে খানাপাৰাৰ পৰা জালুকবাৰী অভিমুখে আহি থকা এখন বাহনত তালাচী চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ। এমএল-১০-চি-১৬৪১ নম্বৰৰ ইকো বাহনত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৪ কোটি টকা হ’ব বুলি আৰক্ষী য়ে অনুমান কৰিছে।

এই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীয়ে চাৰিজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী চাৰিজন ক্ৰমে কেলভিন ক্লেন, মনখৰ ৰংহাং, মানিক ইংতিং আৰু ধ্ৰুবজ্যোতি বৰা। অধিক তথ্যৰ বাবে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী চাৰিজনক জেৰা চলাই আছে।