মানকাচৰ : জনজাতীয় হিতাধিকাৰীক বিনামুলীয়া মছলা গুড়ি কৰা মেচিন বিতৰণ। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীস্থিত মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ত মানকাচৰৰ বিধায়ক আৰু মহকুমা কল্যাণ বিষয়াৰ উপস্থিতিত জিলাখনৰ মুঠ ১৯ গৰাকী জনজাতীয় হিতাধিকাৰীক বিনামুলীয়াকৈ মছলা গুড়ি কৰা মেচিন বিতৰণ কৰা হয়।

মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ পৰা জিলাখনৰ বিভিন্ন প্ৰান্তৰ ১৯ গৰাকী জনজাতীয় হিতাধিকাৰীক এই মছলা গুড়ি কৰা মেচিন বিতৰণ কৰা হয়। মছলা গুড়ি মেচিন বিতৰণ অনুষ্ঠানত মানকাচৰৰ বিধায়ক অধিবক্তা আমিনুল ইছলাম উপস্থিত থকাৰ লগতে মহকুমা কল্যাণ বিষয়া ভিবাস মেধী উপস্থিত থাকি হিতাধিকাৰী সকলক মেচিন সমূহ বিতৰণ কৰে।

চৰকাৰে জনজাতীয় দৰিদ্ৰ হিতাধিকাৰী সকলক এই মেচিন প্ৰদান কৰাত হিতাধিকাৰী সকলে ঘৰতে মছলা গুড়ি কৰি বজাৰত বিক্ৰী কৰি লাভাম্বিত হ’ব পাৰিব। হিতাধিকাৰী সকলে এই মেচিনৰ দ্বাৰা পৰিয়ালৰ লগতে নিজে চলিব পাৰিব বুলি মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ জেষ্ঠ সহায়ক অমিত্য কুমাৰ মণ্ডলে জানিবলৈ দিয়ে।

আনহাতে জিলাখনৰ প্ৰতিগৰাকী জনজাতীয় হিতাধিকাৰীয়ে যাতে সঠিকভাৱে চৰকাৰী সা-সুবিধা লাভ কৰে তাৰ বাবে মহকুমা কল্যাণ বিষয়াক বিধায়ক গৰাকীয়ে আহ্বান জনায়। লগতে মেচিন লাভ কৰা হিতাধিকাৰী সকলে যাতে মেচিন লৈ বজাৰত বিক্ৰী নকৰি ঘৰতে মিনি ইণ্ডাষ্ট্ৰি বনাই উপাৰ্জনৰ পথ বিচাৰি লোৱাৰ বাবে হিতাধিকাৰী সকলক বিধায়ক গৰাকীয়ে আহ্বান জনায়।