মৰিয়নি : ব্ৰাউন ছুগাৰসহ মৰিয়নি আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী। মৰিয়নিৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আমজাদ আলীক অৱশেষত মৰিয়নি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে। ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাত আৰক্ষীয়ে হাতে লোটে গ্ৰেপ্তাৰ কৰে আমজাদ আলীক।

ৰাজ্যজুৰি আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। প্ৰতিদিনে আৰক্ষীৰ জালত পৰিছে ইজনৰ পিছত সিজন ড্ৰাগছ সৰবৰাহকাৰী। জব্দ হৈ আছে বৃহৎ পৰিমাণৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ। এইবাৰ যোৰহাট জিলাৰ মৰিয়নি আৰক্ষীয়ে এক ড্ৰাগছ বিৰোধী অভিযান চলাই এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে।

এক গোপন খবৰৰ ভিত্তিত মৰিয়নি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিত্ৰৰঞ্জন বুঢ়াগোহাঁইৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই আমজাদ আলীক ১২ গ্ৰাম ব্ৰাউন ছুগাৰসহ গ্ৰেপ্তাৰ কৰে। মৰিয়নিৰ পুখুৰীয়াত ব্ৰাউন ছুগাৰখিনি বিক্ৰীৰ বাবে আহিছিল কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আমজাদ আলী।

অৱশ্যে আৰক্ষীৰ অভিযানকালত আমজাদ আলীৰ লগত থকা আন এজন লোক পলায়ন কৰিবলৈ সক্ষম হয়। অধিক তথ্যৰ বাবে আৰক্ষীয়ে আমজাদ আলীক জেৰা চলাই থকা বুলি জানিব পৰা গৈছে। আনহাতে আমজাদ আলীৰ লগত থকা আনজন লোকৰ সন্ধনতো আৰক্ষীয়ে ব্যাপক অভিযান চলাই আছে বুলি জানিব পৰা গৈছে।