গুৱাহাটী : বশিষ্ঠৰ নালাপাৰা অঞ্চলত আৰক্ষীৰ অভিযান। বশিষ্ঠ আৰক্ষীয়ে অভিযান চলাই এখন বাহনৰ পৰা জব্দ কৰিলে ১১৮ কেজি গাঞ্জা। বাহনখনত ৬ টাকৈ গোপন চেম্বাৰ বনাই গাঞ্জাখিনি লুকুৱাই আনিছিল। আটক দুজন গাঞ্জা সৰবৰাহকাৰী।

মহানগৰী গুৱাহাটীৰ বশিষ্ঠৰ নালাপাৰাত সোমবাৰে বশিষ্ঠ আৰক্ষীয়ে এক বৃহৎ সাফল্য লাভ কৰে। এখন বাহনৰ গোপন চেম্বাৰৰ পৰা বশিষ্ঠ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। বশিষ্ঠ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডিম্পল গয়াৰীৰ নেতৃত্বত বশিষ্ঠ আৰক্ষীয়ে অভিযান চলাইছিল।

নালাপাৰা অঞ্চলৰ এখন গেৰেজৰ সন্মুখত বিলাসী বাহন এখন ৰখাই থকা দেখি বশিষ্ঠ আৰক্ষীয়ে বাহনখনত তালাচী চলায়। বশিষ্ঠ আৰক্ষীয়ে বাহনখনৰ ৬ টাকৈ গোপন চেম্বাৰৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে। জব্দকৃত গাঞ্জাখিনিৰ পৰিমাণ ১১৮ কেজি বুলি জানিব পৰা গৈছে। বশিষ্ঠ আৰক্ষীয়ে গাঞ্জাখিনি জব্দ কৰাৰ লগতে দুজন গাঞ্জা সৰবৰাহকাৰীকো আটক কৰিছে।

গাঞ্জা সৰবৰাহকাৰী দুজন ত্ৰিপুৰাৰ বিকাশ জামাতিয়া আৰু বিশ্ব ৱানথ। গাঞ্জা সৰবৰাহকাৰী দুজনে ত্ৰিপুৰাৰ পৰা এই বৃহৎ পৰিমাণৰ গাঞ্জা এএছ-০১-বিই-৪৭১৫ নম্বৰৰ বাহনখনৰ গোপন চেম্বাৰত লুকুৱাই আনিছিল। আৰক্ষীয়ে অধিক তথ্যৰ বাবে গাঞ্জা সৰবৰাহকাৰী দুজনক জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।