গুৱাহাটী : বানপীড়িত অঞ্চলত পূৰবী ডেইৰীৰ জৰিয়তে এনডিডিবিৰ পশু খাদ্য বিতৰণ। পূৰবী ডেইৰীৰ জৰিয়তে অসমৰ বানপীড়িত অঞ্চলত ১.৫ কোটি টকাৰ পশু খাদ্য বিতৰণ এনডিডিবিৰ। সাম্প্ৰতিক বান পৰিস্থিতিত ক্ষতিগ্ৰস্ত অসমৰ দুগ্ধ পালক সকলক সকাহ দিয়াৰ বাবে আগুৱাই আহিছে গুৱাহাটীস্থিত পূৰবী ডেইৰী।

অসম সম্প্ৰতি জীৱন, সম্পত্তি আৰু জীৱিকাৰ ক্ষতিসাধন কৰা এক বিপৰ্যয় বান দুৰ্যোগৰ সন্মুখীন হৈছে, সেয়েহে খাদ্য আৰু পশু খাদ্যৰ নাটনিৰ সন্মুখীন হৈছে দুগ্ধ পালক সকল, যাৰ ফলত তেওঁলোকৰ পশুধনো প্ৰভাৱিত হৈছে। ৰাজ্যৰ দুগ্ধ পালকসকলৰ মাজত ১৫ কোটি টকাৰ ৫০০ মেট্ৰিক টন পশু খাদ্য সাহায্য বিতৰণ কৰি এনডিডিবিয়ে সহায় আগবঢ়াইছে। পূৰবী ডেইৰীয়ে নিজৰ বৰ্তমানৰ নেটৱৰ্ক ব্যৱহাৰ কৰি স্থানীয় কৰ্তৃপক্ষৰ সৈতে সমন্বয় ৰক্ষাৰে এই বিতৰণ কাৰ্য অব্যাহত ৰাখিছে।

চাংচাৰীত শেহতীয়াকৈ আৰম্ভ কৰা ৱামুলৰ ৫০ এমটিডি পশু খাদ্য প্ৰকল্পৰ পৰা এই পশু খাদ্যৰ যোগান ধৰা হয়। “অসমৰ বানাক্ৰান্ত ৰাইজক সহায়ৰ বাবে অসম চৰকাৰৰ প্ৰশংসনীয় প্ৰচেষ্টাৰ পিছত এই সংকটৰ সময়ত ৱামুলৰ কৃষকৰ নেটৱৰ্কৰ জৰিয়তে অঞ্চলটোৰ সকলো বানপীড়িত কৃষকক পশু খাদ্য বিতৰণৰ বাবে এনডিডিবিৰ পদক্ষেপক কাৰ্যকৰী কৰিবলৈ পাই টীম ৱামুল অত্যন্ত সুখী,” ৱামুলৰ এগৰাকী মুখপাত্ৰই উল্লেখ কৰে।