বাসুগাওঁ, ১০ জুলাইঃ কমতাপুৰ ৰাজ্যৰ পুনৰ গঠন আৰু কোচৰাজবংশী জনগোষ্ঠীক জনজাতি কাৰণৰ দাবীত চিৰাং জিলাৰ বসুগাঁৱত শতাধিক আক্ৰাছু কৰ্মীয়ে ৰেলপথ অৱৰোধ কৰে। কেইবা সহস্ৰাধিক লোকে হাতে হাতে বিভিন্ন প্লে কাৰ্ড লৈ ৰাতিপুৱা ৫ বজাৰ পৰাই বসুগাঁও ৰেল ষ্টেচনত ৰেল লাইনৰ ওপৰত বহি কমতাপুৰ ৰাজ্যৰ পুনৰ গঠনৰ দাবী জনায়। ৰেলপথ অৱৰোধ কৰিয়ে বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। বসুগাঁও ৰেল ষ্টেচনত ৰেলপথ অৱৰোধৰ কাৰ্য্সূচী গ্ৰহণৰ পৰিপ্ৰেক্ষিতত ৰেল কর্তৃপক্ষই আগতীয়াকৈ কেইবাখনো যাত্ৰীবাহী ৰেলৰ চলাচল বাতিল কৰে। আজিৰ এই ৰেলপথ অৱৰোধ কাৰ্যসূচীৰ ফলত ৰেল যাত্ৰীসকল দুৰ্ভোগ ভুগিবলগীয়াত পৰে।