মৰিয়নী : নেগুৰত ধৰি নাহৰফুটুকী বাঘক চুচৰাই নিলে চাহ বাগিচাৰ শ্ৰমিক। মৰিয়নী বন বিভাগৰ নিৰ্লজ্জ কাণ্ডৰ পৰিণতিত এটা আঘাতপ্ৰাপ্ত নাহৰফুটুকী বাঘক নেগুৰত ধৰি চুচৰাই নিয়ে চাহ বাগিচাৰ শ্ৰমিকে। আঘাতপ্ৰাপ্ত নাহৰফুটুকী বাঘটোক উদ্ধাৰ কৰাৰ বাবে বন বিভাগে চাহ বাগিচাৰ শ্ৰমিকক টকা প্ৰলোভন দিয়াৰ অভিযোগ।

যোৰহাট জিলাৰ মৰিয়নীত বন বিভাগে এক নিৰ্লজ্জ কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। এটা আঘাতপ্ৰাপ্ত নাহৰফুটুকী বাঘক টকাৰ প্ৰলোভন দি বন বিভাগে চাহ বাগিচাৰ শ্ৰমিকক হতুৱাই উদ্ধাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। টকাৰ প্ৰলোভনত এজন শ্ৰমিক আঘাতপ্ৰাপ্ত নাহৰফুটুকী বাঘটোক উদ্ধাৰ কৰিবলৈ গৈ নেগুৰত ধৰি চুচৰাই নিয়ে।

মৰিয়নীৰ শিলিখা চাহ বাগিচাত সংঘটিত হৈছে বন বিভাগৰ এই নিৰ্লজ্জ কাণ্ড। চাহ বাগিচাৰ শ্ৰমিকে বাগানখনৰ এটা নলাৰ পৰা আঘাতপ্ৰাপ্ত নাহৰফুটুকী বাঘটোক নেগুৰত ধৰি বহু দূৰ পৰ্যন্ত চুচৰাই নিয়াৰ দৃশ্য আৱদ্ধ হৈছে কেমেৰাত। বন বিভাগৰ লোকৰ সন্মুখতে আঘাতপ্ৰাপ্ত নাহৰফুটুকী বাঘ চাহ বাগিচাৰ শ্ৰমিকে চুচৰাই নিয়ে৷ আঘাতপ্ৰাপ্ত নাহৰফুটুকী বাঘটোক উদ্ধাৰ কৰিবলৈ বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।

বৃহস্পতিবাৰে পুৱাৰ ভাগতে চাহ বাগিচাৰ লোকসকলে বন বিভাগক আঘাতপ্ৰাপ্ত নাহৰফুটুকী বাঘটোৰ সন্দৰ্ভত অৱগত কৰিছিল যদিও বন বিভাগে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল বুলি জানিবলৈ দিছে একাংশ লোকে। আঘাতপ্ৰাপ্ত নাহৰফুটুকী বাঘটো প্ৰায় ৭ ঘণ্টা ধৰি চাহ বাগিচাৰ নলাত আৱদ্ধ হৈ আছিল বুলিও জানিবলৈ দিয়ে চাহ বাগিচাখনৰ একাংশ লোকে।