কলগাছিয়াৰ গুইলেজাত বেঁকী নৈৰ ৰুদ্ৰমূৰ্তি ধাৰণ : ৭০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ নামি আহিল অন্ধকাৰ

In ৰাজ্য

বৰপেটা, সংবাদ ৩৬৫, ১০ জুন : বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত গুইলেজাত বেঁকী নৈৰ বিধ্বংসী খহনীয়াত জাহ গল ১০২৬ নং চৰ গুইলেজা প্ৰাথমিক বিদ্যালয়। যাৰ বাবে ৭০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ। বিগত তিনিবছৰ ধৰি হৈ থকা বেঁকী নৈৰ খহনীয়াত ইতিমধ্যেই ৫০ টা পৰিয়ালৰ মাটি-ভেটি বেকী নৈৰ বুকুত বিলীন হৈছে।

উল্লেখ্যে যে, বেঁকী নৈৰ ৰুদ্ৰমূৰ্তি দেখি একে চৌহদতে থকা গুইলেজা এম ই মাদ্ৰাছাখন স্থানান্তৰ কৰা হৈছে। কিন্তু বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত কালি বিদ্যালয়গৃহ খহনীয়াৰ কৱলত পৰে। গুইলেজা গাঁওৰ ৰাইজে বেঁকী নৈৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বাৰে বাৰে স্থানীয় বিধায়ক, বৰপেটা জিলা প্ৰশাসন আৰু অসম চৰকাৰলৈ বাৰে বাৰে দাবী দি আহিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

অতি সোনকালে যদি বেঁকী নৈৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰা নহয় তেন্তে শতাধিক পৰিয়ালৰ মাটি-ভেটি নৈখনৰ বুকুত বিলীন হব বুলি শংকা প্ৰকাশ কৰাৰ লগতে সৰ্বানন্দ সোনোৱাল চৰকাৰক গৰাখহনিয়া প্ৰতিৰোধৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰাৰ বাবে দাবী উত্থাপন কৰিছে।

Comments

comments

You may also read!

আৰ্টিষ্ট গ্ৰীল্ডত প্ৰহৰৰ সপ্তম বাৰ্ষিক চিত্ৰ প্ৰদৰ্শনী

গুৱাহাটী, সংবাদ ৩৬৫, ২৪ আগষ্ট : গুৱাহাটীৰ চান্দমাৰীস্থিত আৰ্টিষ্ট গ্ৰীল্ডত শনিবাৰৰ পৰা আৰম্ভ হৈছে প্ৰহৰৰ সপ্তম বাৰ্ষিক চিত্ৰ প্ৰদৰ্শনী।

Read More...

বহু ৰহস্যৰ কুহেলিকা ভঙাৰ আগতেই জ্বলি শেষ হৈ যাব নেকি “ধৰিত্ৰীৰ কলিজা” : ব্যৱহাৰ কৰিব লাগিব নেকি অক্সিজেন মাক্স

নন্দিনী মহন্তৰ বিশেষ প্ৰতিবেদন, সংবাদ ৩৬৫, ২৪ আগষ্ট : পৃথিৱীৰ প্ৰায় বিশ শতাংশতকৈও অধিক অক্সিজেন সৃষ্টি হোৱা এক অঞ্চল আমাজন বর্ষাৰণ্য ।

Read More...

মুকাভিনয় জৰিয়তে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলিল অসম সন্তান

গুৱাহাটী, সংবাদ ৩৬৫, ২৪ আগষ্ট : মুকাভিনয়ৰ জৰিয়তে ৰাষ্ট্ৰীয় প্ৰেক্ষাপতত উজ্বলিল অসম সন্তান । মুকাভিনয়ৰ বাবে ভাৰত চৰকাৰৰ সংগীত,নাট-নৃত্য

Read More...

Mobile Sliding Menu