আজিজ আলী
নলবাৰী : এক শিহৰণকাৰী দৃশ্য। চকুৰ সন্মুখতে মহাবহু ব্ৰহ্মপুত্ৰ নদীৰ বুকুত জাহ গ’ল দুমহলীয়া অট্টালিকা। ব্ৰহ্মপুত্ৰ নদীৰ বুকুত দুমহলীয়া আৰক্ষী থানা জাহ যোৱাৰ ভয়ংকৰ দৃশ্য। এই ঘটনা সংঘটিত হৈছে নলবাৰী জিলাত। ব্ৰহ্মপুত্ৰ নদীৰ ভয়াবহ গৰাখহনীয়াৰ বাবে নলবাৰীৰ চৰাঞ্চলৰ ৰাইজ উজাগৰী নিশা কটাবলৈ বাধ্য হৈছে।

ৰাজ্যত বানপানীয়ে সংহাৰী ৰূপ ধাৰণ কৰি তাণ্ডৱলীলা চলাই থকাৰ মাজতে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে। ৰাজ্যৰ কেইবাখনো জিলাৰ নৈপৰীয়া ৰাইজলৈ সংকট কঢ়িয়াই আনিছে ব্ৰহ্মপুত্ৰ নদীৰ গৰাসহনীয়াই। ব্ৰহ্মপুত্ৰ নদীৰ গৰাসহনীয়াৰ এক ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গ’ল নলবাৰী জিলাৰ চৰাঞ্চলত।

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ ভাংনামাৰী চৰত ব্ৰহ্মপুত্ৰ নদীৰ বুকুত জাহ গ’ল দুমহলীয়া আৰক্ষী থানা। বহ্মপুত্ৰৰ নদীৰ বাঢ়নী পানীৰ তীব্ৰ সোঁতে ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি কৰিছে ভাংনামাৰী চৰত। ইতিমধ্যে ব্ৰহ্মপুত্ৰ নদীৰ বুকুত জাহ গৈছে বৰক্ষেত্ৰী সমষ্টিৰ ভাংনামাৰী চৰৰ বিস্তীৰ্ণ অঞ্চল। এইবাৰ ব্ৰহ্মপুত্ৰ নদীৰ বুকুত জাহ গ’ল ভাংনামাৰী আৰক্ষী থানাৰ দুমহলীয়া অট্টালিকা।

চকুৰ সন্মুখতে ব্ৰহ্মপুত্ৰ নদীত খহি পৰে আৰক্ষী থানাৰ দুমহলীয়া অট্টালিকা। উল্লেখ্য যে ভাংনামাৰী আৰক্ষী থানাখন কিছুদিন পূৰ্বে গৰাখহনীয়াৰ আশংকাত উক্ত স্থানৰ পৰা অন্য স্থানলৈ স্থানান্তৰিত কৰা হৈছিল। থানাখনৰ পূৰ্বৰ স্থানত থকা দুমহলীয়া অট্টালিকা গৰাখহনীয়াৰ কবলত পৰে আৰু বহ্মপুত্ৰৰ বুকুত খহি পৰে। ইতিমধ্যে অঞ্চলটোৰ কেইবাখনো বিদ্যালয় আৰু মানুহৰ বাসগৃহ বহ্মপুত্ৰ নদীৰ গৰাখহনীয়াত জাহ গৈছে।