আমিনুৰ ৰহমান
শিৱসাগৰ : মাৰাত্মক ড্ৰাগছতকৈও শিৱসাগৰত ভয়াবহ ৰূপ ধাৰণ কৰিছে জুৱা খেলে। শিৱসাগৰৰ হাতীখোকত জুৱাৰ ঘাটি উৎসাত। নগদ ধনসহ তিনিজনকৈ জুৱাৰীক হাতেলোটে আটক। পলাতক জুৱাৰীৰ ৪ খনকৈ বাইক জব্দ। পলাতক জুৱাৰী চক্ৰৰ মাষ্টাৰ মাইণ্ডসহ পাঁচজনৰ সন্ধানত শিৱসাগৰ আৰক্ষীৰ জোৰদাৰ অভিযান।

ঐতিহাসিক শিৱসাগৰত সম্প্ৰতি ড্ৰাগছতকৈও ভয়াবহ ৰূপত নতুন প্ৰজন্মৰ মাজত শিপাইছে জুৱা খেলে৷ শিৱসাগৰ চহৰ আৰু ইয়াৰ দাতিকাষৰীয়া অঞ্চল সমুহত দীৰ্ঘসময় ধৰি লাখ লাখ টকাৰ জুৱা খেল অনুষ্ঠিত কৰাৰ লগতে অসামাজিক কাৰ্যকলাপৰ নেতৃত্ব বহণ কৰি এটা কুখ্যাত জুৱাৰী চক্ৰৰ ঘটিত শিৱসাগৰ আৰক্ষীয়ে অভিযান চলাই তিনিজনকৈ কুখ্যাত জুৱাৰীক আটক কৰে।

শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাই ৰাইজৰ গোপন খবৰৰ ভিত্তিত সদৰ উপ-আৰক্ষী অধীক্ষক ডেইজী গগৈৰ সহযোগত চলোৱা অভিযানত নগৰৰ সমীপৰ হাতীখোক গাঁৱৰ হাইদৰ ফকীৰ পথৰ এটা অবৈধ লোহাৰ ডেম্পৰ পৰা জুৱা খেলি থকা অৱস্থাত তিনিজনকৈ জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়। জুৱাৰী কেইজন হৈছে ডেম্পৰ গৰাকী আক্ৰামুল হুছেইন ওৰফে মুনু, নগাঁও জিলাৰ চামগুৰিৰ অহিদুল ইছলাম আৰু কলিয়াবৰৰ নজৰুল ইছলাম৷

আৰক্ষীয়ে জুৱাৰ ঘাটিৰ পৰা নগদ ধনৰ লগতে আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে পলাতক জুৱাৰীয়ে এৰি যোৱা এএছ-০৪-কে-৪২৫১ নম্বৰৰ এখন স্কুটী আৰু এএছ-০৪-এন-৩৪৯৮, এএছ-০৪-ভি-০৬০২ আৰু এএছ-০৪-এস্ক-৩৭৯৬ নম্বৰৰ তিনিখন মটৰ চাইকেলৰ লগতে তিনিটা মূল্যবান এনড্ৰইড মৱাইল জব্দ কৰিবলৈ সক্ষম হয়৷ জুৱাৰী চক্ৰটোৰ মূল মাষ্টাৰ মাইণ্ড তথা কুখ্যাত জেলফেৰত অপৰাধীসহ পাঁচজনকৈ জুৱাৰী পলায়ন কৰিবলৈ সক্ষম হয়।

প্ৰাপ্ত বাতৰি মতে সঘনাই জিলাখনৰ বিভিন্ন স্থানত সলনা সলনিকৈ ঘটি স্থাপনেৰে লাখ লাখ টকাৰ জুৱাৰ খেল অনুষ্ঠিত কৰি ঐতিহাসিক শিৱসাগৰৰ সামাজিক পৰিৱেশ ধ্বংস কৰি অহা জুৱাৰী চক্ৰটোৰ মাষ্টাৰ মাইণ্ডজন বিগত দুটা মাহ ধৰি হাইদৰ ফকীৰ পথৰ আক্ৰামুল হুছেইনৰ ডেম্পত জুৱা খেল অনুষ্ঠিত কৰি আহিছিল৷ জুৱাৰী চক্ৰটোৱে হাতীখোকৰ দৰে সম্ভ্ৰান্ত অঞ্চলত জুৱা, সুৰা আৰু নাৰীৰ ৰমৰমীয়া বেহা গঢ়ি তুলাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে।