গুৱাহাটী : এতিয়ালৈকে কংগ্ৰেছৰ পৰা নিলম্বন কৰা হোৱা নাই অংকিতা দত্তক (Ankita Dutta)। কংগ্ৰেছৰ পৰা অংকিতা দত্তক নিলম্বন কৰা বাতৰিকলৈ স্পষ্টীকৰণ দিলে অসম প্ৰদেশ কংগ্ৰেছৰ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই। ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভি’ৰ বিৰুদ্ধে মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল অংকিতা দত্তই। শুকুৰবাৰে (২১ এপ্ৰিল) কংগ্ৰেছ নেত্ৰী অংকিতা দত্তক দলৰ পৰা নিলম্বন কৰা হৈছে বুলি বাতৰি প্ৰকাশ পাইছিল।

অংকিতা দত্তক অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে দলৰ পৰা নিলম্বন কৰাৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতে সভাপতি ভূপেন কুমাৰ বৰাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদ মাধ্যমৰ বাতৰি অস্বীকাৰ কৰে। ভূপেন কুমাৰ বৰাই কয় “অংকিতা দত্তক আমি যি কাৰণ দৰ্শোৱাৰ জাননী দিছিলোঁ তাৰ উত্তৰ আমি পাইছোঁ আৰু সেই উত্তৰ আমি অ’ল ইণ্ডিয়া কংগ্ৰেছ কমিটীলৈ প্ৰেৰণ কৰিছোঁ। এতিয়ালৈকে অ’ল ইণ্ডিয়া কংগ্ৰেছ কমিটীয়ে কোনো ধৰণৰ সিদ্ধান্ত লোৱা বুলি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটী জ্ঞাত নহয়। এতিয়ালৈকে অংকিতা দত্তৰ ক্ষেত্ৰত দলৰ শীৰ্ষ নেতৃত্বই কোনো চূড়ান্ত সিদ্ধান্ত লোৱা বুলি আমাক জনোৱা নাই।

কংগ্ৰেছৰ নেত্ৰী অংকিতা দত্তই ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভি’ৰ বিৰুদ্ধে এক অভিযোগ উত্থাপন কৰাৰ পিছতে ৰাজ্যৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি হৈছিল। কিছুদিন পূৰ্বে অংকিতা দত্তই এক টুইট কৰি অভিযোগ উত্থাপন কৰিছিল যে ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভি’য়ে কংগ্ৰেছ নেত্ৰী গৰাকীক মানসিক নিৰ্যাতন চলাই আহিছে। অংকিতা দত্তৰ এই টুইট পিছতে কংগ্ৰেছৰ ভিতৰ মহলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। অংকিতা দত্তই এই সন্দৰ্ভত ন্যায় বিচাৰিছিল।

টুইটযোগে এই গুৰুত্বৰ অভিযোগ উত্থাপন কৰাৰ পিছতে অংকিতা দত্তই মুকলিকৈ সংবাদ মাধ্যমৰ আগত প্ৰকাশৰ কৰিছিল যে কংগ্ৰেছ নেত্ৰী গৰাকী বিগত প্ৰায় ৬ মাহ ধৰি ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভি’ৰ মানসিক নিৰ্যাতনৰ বলি হৈ আছে। অংকিতা দত্তই লগতে অভিযোগ উত্থাপন কৰিছিল যে এই সম্পৰ্কে দলৰ উচ্চ পৰ্যায়ৰ নেতাক অৱগত কৰাৰ পিছতো দলৰ ফালৰ পৰা কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নহ’ল। উল্লেখ্য যে অংকিতা দত্ত প্ৰাক্তন মন্ত্ৰী প্ৰয়াত অঞ্জন দত্তৰ কন্যা।