গুৱাহাটী : এমাহ ৰোজা পালনৰ অন্তত শনিবাৰে (২২ এপ্ৰিল) ইছলাম ধৰ্মাৱলম্বী লোক সকলে শান্তি-সম্প্ৰতিৰ মহান বাণীৰে সমগ্ৰ দেশৰ লগতে অসমটো পবিত্র ঈদ-উল-ফিটৰ (Eid-Ul-Fitar) পালন কৰে। ঐতিহ্যমণ্ডিত তথা পৰম্পৰাগত সম্প্ৰীতিৰ এনাজৰি অটুত ৰখাৰ আহ্বান জনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা ঈদগাহ পথাৰ সমূহত পুৱা ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদৰ নামাজ পঢ়ে। ঈদ উপলক্ষে ইজনে সিজনক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে৷

মহানগৰী গুৱাহাটীৰ মাছখোৱা আৰু ইছলামপুৰ ঈদগাহত ইছলাম ধৰ্মাৱলম্বীৰ লোকসকলে এমাহ ৰোজাৰ অন্তত পুৱাৰ ভাগত একত্ৰিত হৈ সমূহীয়াভাৱে ঈদৰ নামাজত অংশগ্ৰহণ কৰি আল্লাহৰ ওচৰত ৰাজ্যত শান্তি সম্প্ৰীতি অটুট ৰখাৰ বাবে দুৱা কৰে। মহানগৰীৰ কাহিলিপাৰাৰ দক্ষিণগাঁৱতো পুৱাৰ ভাগত ইছলাম ধৰ্মাৱলম্বী লোক সকলে সমূহীয়া ভাৱে ঈদ-উল-ফিটৰৰ নামাজত অংশগ্ৰহণ কৰে। জালুকবাৰীৰ গাড়ীগাঁও ঈদগাহৰ লগতে মহানগৰীৰ বিভিন্ন মছজিদ সমূহৰ ঈদৰ নামাজত অংশগ্ৰহণ কৰে ইছলাম ধৰ্মাৱলম্বী লোক সকলে। সমাজৰ পৰা অশান্তি দূৰ হৈ ভাতৃত্ববোধৰ এনাজৰী ডাল যাতে অধিক কটকটীয়া হয় তাৰ বাবে আল্লাহৰ ওচৰত দুৱা কৰে সকলোৱে।

নামাজৰ অন্তত ইজনে সিজনক আলিংগন কৰি ঈদৰ পৱিত্ৰ দিনটোৰ শুভেচ্ছা জ্ঞাপন কৰে।যোৰহাট জিলাৰো বিভিন্ন ঈদগাহত আৰু মাছজিদত পুৱাৰ ভাগত ঈদ-উল-ফিটৰৰ নামাজত অংশগ্ৰহণ কৰে ইছলাম ধৰ্মাৱলম্বীৰ লোক সকলে। নামজত অংশগ্ৰহণ কৰা লোক সকলে বিশ্ব শান্তিৰ বাবেই দুৱা কৰে। ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, নগাঁও, মৰিগাঁও আৰু গোলাঘাটৰ ঈদগাহ সমূহত হাজাৰ হাজাৰ লোক সমবেত হৈ ঈদ ঈদ-উল-ফিটৰৰ নামাজত অংশগ্ৰহণ কৰি আল্লাৰ ওচৰত দেশ তথা ৰাজ্যৰ উন্নয়ন শান্তিৰ বাবে দুৱা কৰে। উত্তৰ অসমৰ তেজপুৰ আৰু বিশ্বনাথটো পুৱাৰ ভাগত একে পৰিৱেশ দেখিবলৈ পোৱা যায়।

ইফালে ঈদৰ পবিত্ৰ দিনটোতেই মুকলি কৰা হয় ডিব্ৰুগড় জিলাৰ চাউলখোৱাত এখন ঈদগাহ। মুকলি হোৱাৰ দিনাই ঈদৰ নামাজৰ বাবে এই ঈদগাহখনত ৫ হাজাৰতকৈও অধিক ধৰ্মাৱলম্বীৰ লোক সমবেত হৈ পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ আদায় কৰে। উল্লেখ্য যে প্ৰায় ১০ বছৰ ধৰি চলোৱা প্ৰচেষ্টাৰ অন্তত এই ঈদগাহখন মুকলি কৰা হয়। ঈদগাহখন আনুষ্ঠানিকভাৱে মুকলি কৰে ডিব্ৰুগড় চাউলখোৱা মছিজদৰ পেছ ইমাম জিয়াউৰ ৰহমানে।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰৰ সমান্তৰালকৈ এই ঈদগাহখনতো সমূহীয়াভাৱে নামাজ পঢ়ি বিশ্ব শান্তিৰ কামনা কৰা হয়। সমাজত দেখা দিয়া বিভেদকামী মনোভাৱ পৰিহাৰ কৰি সমন্বয় আৰু শান্তিৰ পৰিৱেশ সৃষ্টিৰ কামনাৰে পবিত্ৰ ঈদৰ দিনাই সমূহীয়াকৈ সংকল্প গ্ৰহণ কৰে। নামনি অসমৰো বৰপেটা, বঙাইগাঁও, ধুবুৰীৰ ঈদগাহ সমূহত ঈদ-উল-ফিটৰৰ নামাজ আদায় কৰিবলৈ হাজাৰ হাজাৰ লোকৰ সমাগম পৰিলক্ষিত হয়।