আজিজ আলী

মুকালমুৱা : মুকালমুৱাত ৰাজপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ। ৰাজপথ অৱৰোধৰ ফলত মুকালমুৱাত তীব্ৰ যানজঁটৰ সৃষ্টি।
চিপিআই (এম) আৰু অংগনবাদী কর্মী সহায়িকাৰ প্ৰতিবাদত স্তব্ধ হৈ পৰে মুকালমুৱাৰ ৰাজপথ। প্ৰতিবাদকাৰী সকলৰ আটক কৰে আৰক্ষীয়ে।

বিভিন্ন দাবীৰ সমৰ্থনত দেশজুৰি চলি থকা দুদিনীয়া ধৰ্মঘট কাৰ্যসূচীৰ দ্বিতীয় দিনাও দেখিবলৈ পোৱা যায় ব্যাপক প্ৰতিক্ৰিয়া। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো এই ধৰ্মঘট কাৰ্যসূচীৰ দ্বিতীয় দিনা মিশ্ৰিত প্ৰভাৱ পৰিলক্ষিত হয়। সোমবাৰে ধৰ্মঘট কাৰ্যসূচীৰ প্ৰথম দিনা নলবাৰী জিলাৰ মুকালমুৱাত বন্ধ সমৰ্থক সকলে এই সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে।

দ্বিতীয় দিনাও মুকালমুৱাত বন্ধ সমৰ্থক সকলে মুকালমুৱাৰ ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। চিপিআই (এম) আৰু অংগনবাদী কৰ্মী সহায়িকা সকল ধৰ্মঘটন কাৰ্যসূচীত সমৰ্থন জনাই ৰাজপথলৈ ওলাই অহা দেখিবলৈ পোৱা যায়। বিজেপি চৰকাৰৰ শ্ৰমিক বিৰোধী আৰু জনবিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদকাৰী সকলে ৰাজপথ অৱৰোধ কৰি পৰিৱেশ উত্তাল কৰি তোলে।

প্ৰতিবাদকাৰী মহিলা সকলে ৰাজপথত সমদল উলিয়াই চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী সকলে মুকালমুৱাৰ বৰপেটা-গুৱাহাটী পথৰ মাজেৰে প্ৰতিবাদী সমদল উলিয়াই ব্যস্ত পথটো প্ৰায় ১ ঘণ্টা ধৰি বন্ধ কৰি দিয়ে। বিজেপি চৰকাৰে শ্ৰমিক বিৰোধী আৰু জনবিৰোধী কাৰ্যকলাপ বন্ধ নকৰিলে পৰৱৰ্তী সময়ত ইয়াতকৈ আৰু অধিক ভয়ংকৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে বন্ধ সমৰ্থনকাৰী সকলে।