গুৱাহাটী, ১৮ মেঃ পুনৰ মহানগৰীত উদণ্ড কটনিয়ানৰ উদ্ভণ্ডালি৷ নিশা হ’লেই যেন ৰাজত্ব চলে কটনৰ একাংশ হোষ্টেলৰ অবাসীৰ৷
বুধবাৰে নিশাৰ ভাগত গুৱাহাটী টাউন ক্লাব ভাঙি লণ্ড-ভণ্ড কৰিলে একাংশ কটনৰ ছাত্ৰই৷ ক্লাৱটোৰ চৌহদত থকা কেইবাখনো বাহন ক্ষতিগ্ৰস্ত কৰাৰ লগতে শিলৰ আক্ৰমণত ভাঙিল ক্লাবটোৰ আইনাৰ দুৱাৰ খিৰিকী৷ ভাঙি লৈ যায় চিচিটিভি কেমেৰা। ক্লাবটোৰ কৰ্মচাৰীৰ মতে কটন কলেজৰ একাংশ হোষ্টেল আবাসীয়ে কৰিলে এই আক্ৰমণ৷ ক্লাবটোত হৈ থকা নেচনেল ল’ ইউনিভাৰ্চিটিৰ পাৰ্টিলৈ অহা এজন ছাত্ৰৰ সৈতে প্ৰথমতে হৈছিল কিছু হোষ্টেলৰ আবাসিৰ তৰ্কা-তৰ্কি। তাৰ পিছতে মাৰপিট। উপায়হীন হৈ ছাত্ৰজন সোমাই আহিল টাউন ক্লাবত। ক্লাবটোৰ পৰা ল’ৰা ছাত্ৰজনক উলিয়াই নিদিয়াত ভাঙি চুৰমাৰ কৰিলে ক্লাবটো। পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত মহানগৰ আৰক্ষী আয়ুক্তৰ নেতৃত্বত এটা বৃহৎ দল আহি পৰিস্থিতি শান্ত কৰিব লগা হয়৷  আৰক্ষীয়ে দুখন বাছত টাউন ক্লাৱৰ পৰা উলিয়াই নিয়ে পাৰ্টি কৰিবলৈ অহা ল’ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক। কিন্তু প্ৰকৃততে এই ঘটনাত কটনৰ ছাত্ৰ জড়িত আছিল নে? কটনৰ কোন-কোন ছাত্ৰই এই ঘটনা সংঘটিত কৰিলে? ছাত্ৰসকল কটন কলেজ নে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ? প্ৰকৃততে কোনে ভাঙিলে টাউন ক্লাৱৰ আচ-বাব, টাউনক্লাবৰ সম্পত্তি,  মটৰ-চাইকেল৷ আহত কৰিলে টাউন ক্লাবৰ কৰ্মচাৰীক৷ আৰক্ষীৰ অনুসন্ধান আৰু চিচিটিভিৰ ফুটেজত এই সকলো তথ্য ওলাই পৰিব বুলি আশা কৰা হৈছিল যদিও, অনুসন্ধানত টাউন ক্লাৱৰ চিচিটিভি বিকল হোৱাৰ কথাহে পোহৰলৈ আহে৷ তাৎপৰ্যপূৰ্ণ যে টাউন ক্লাৱৰ দৰে এটা অনুষ্ঠালৰ চিচিটিভি সুব্যৱস্থা নথকাত সৰ্বত্ৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কটন কলেজৰ ছাত্ৰই এই ঘটনাত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰও জড়িত থকাৰ সন্দেহ ব্যক্ত কৰে৷ আনহাতে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ এই কথা অস্বীকাৰ কৰে৷ এনে পৰিস্থিতিত টাউন ক্লাৱৰ চিচিটিভি বিকল হোৱাৰ সুবিধা লৈ হাৰি যাব নেকি এই ঘটনাৰ লগত জড়িত দুস্কৃতিকাৰী৷ নে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ পুংখানুপুংখ ভাবে তদন্ত কৰি দোষীক শাস্তি দিবলৈ সক্ষম হ’ব৷