নলবাৰী, ১৮ মেঃ নলবাৰীত পুনৰ সোপাধৰাৰ আতংক। জিলাখনৰ পাইকাৰকুছিত এগৰাকী স্কুলীয়া ছাত্ৰীক অপহৰণ কৰিবলৈ আহি ৰাইজৰ ৰোষৰ বলি হ’ল এজন যুৱক। ধৃত যুৱকজনৰ বৰপেটাৰ চফিকুল ইছলাম। বিদ্যালয় চুটিৰ পিছত চফিকুলে ৰাজকদমতল বালিকা বিদ্যাপীঠত সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক ঘৰলৈ গৈ থকা অৱস্থাত পিছফালৰ পৰা হাতত ধৰি অপহৰণৰ চেষ্টা চলায়। কিন্তু চফিকুলৰ হাতৰ পৰা কথমপি পলায়ন কৰে ছাত্ৰী গৰাকী। ভয়তে ওচৰৰে এঘৰ মানুহৰ ঘৰত আশ্ৰয় লৈ ছাত্ৰী গৰাকীয়ে সকলো কথা বিৱৰি কয়। লগে লগে স্থানীয় লোকে চফিকুলক ধৰি সোধ-পোচ কৰে। কিন্তু চফিকুলে অপহৰণৰ ঘটনাটো স্বীকাৰ নকৰাত উত্তেজিত জনতাই উত্তম-মাধ্যম দিয়ে। গণ-প্ৰহাৰত চফিকুলে নিজৰ পৰিচয় দিয়ে। অৱশেষত স্থানীয় ৰাইজে ধৃত চফিকুলক আৰক্ষীক গতাই দিয়ে। কিন্তু কি উদ্দেশ্যৰে চফিকুলে সপ্তম শ্ৰেণীৰ ছাত্ৰী গৰাকীক অপহৰণৰ চেষ্টা চলাইছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ এই ঘটনাই শংকিত কৰি তুলিছে অঞ্চলটোৰ প্ৰতিজন অভিভাৱকক। আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে৷