গুৱাহাটী : দেশৰ অন্যতম জনপ্রিয় প্ৰদৰ্শনী বুটিকছ অৱ ইণ্ডিয়া চমুকৈ বি অ’আইৰ(BIO) ‘ফেষ্টিভ এডিচন’ ৩৩ তম প্রদর্শনী গুৱাহাটীত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা হয়। প্ৰদৰ্শনী উদ্বোধন কৰে লেডিজ চাৰ্কোল ইণ্ডিয়া এৰিয়া ১৪ ৰ অধ্যক্ষ বন্দনা আগৰৱাল, গুৱাহাটী চিটী লেডিজ চাৰ্কোল ১৫৯ ৰ অধ্যক্ষ ৰেবিকা আগৰৱাল, ৱামিনিয়াছৰ প্ৰতিষ্ঠাপক দিব্যা চিঅ’টিয়া, নিতা শৰ্মা, নুপূৰ আগৰৱাল, পায়েল আগৰৱাল, বি অ’আইৰ প্ৰতিষ্ঠাপক সঞ্জয় আগৰৱালে।

গুৱাহাটীৰ হোটেল তাজ ভিভান্তাত পুৱা ১১ বজাৰ পৰা নিশা ৯ বজালৈ মুকলি থকা প্ৰদৰ্শনীত সকলোৰে বাবে প্ৰৱেশ বিনামূলীয়া। উদ্বোধনী অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি আগৰবালে কয় যে বুটিকছ অৱ ইণ্ডিয়া প্রদর্শনীসমূহে ফেশ্যন, ব্রাইডাল ৱেৰ, হোম ডিক’ব, হস্ততাঁত, গহনা, আনুষঙ্গিক সামগ্ৰী, শিশু আৰু পুৰুষৰ পোছাকৰ লগতে এক্সক্লুচিপ সম্ভাৰ যোগান ধৰি আহিছে। দুদিনীয়াকৈ অনুষ্ঠিত প্রদর্শনীত ৬৫ টাতকৈও অধিক বিপনী স্থাপন কৰা হৈছে। ফেশ্যন আৰু জীৱনশৈলীৰ পৰিৱৰ্তনশীল প্ৰৱণতা উপকৃত কৰাৰ বাবে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা প্ৰখ্যাত ডিজাইনাৰৰ পোছাক, জুৱেলাৰী, গৃহ সজ্জাৰ সামগ্ৰী, পোছাক, আনুষঙ্গিক সামগ্ৰী আৰু অন্যান্য উৎসৱৰ সামগ্ৰী উপলব্ধ কৰা হৈছে।

সমগ্ৰ দেশৰ প্রিমিয়াম ব্ৰেণ্ডৰ সৈতে ফেশ্যনৰ স্থানীয় সোৱাদৰ কথা মনত ৰাখি ব্ৰেণ্ডবোৰ বাছনি কৰা হয়। বিআ’আইয়ে এটা গ্ৰেণ্ডৰ বাবে তেওঁলোকৰ সামগ্ৰী আৰু সেৱা প্ৰদৰ্শন কৰিবলৈ আৰু তেওঁলোকৰ মূল বাৰ্তাটো প্ৰেৰণ কৰিবলৈ এই মঞ্চ তৈয়াৰ কৰিছে। তেওঁ লগতে কয় যে আমি সদায় স্থানীয় ডিজাইনাৰ, অলংকাৰ আৰু ফেশ্যনৰ আনুষঙ্গিক সামগ্ৰীসমূহক তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে এখন মঞ্চ প্ৰদান কৰি উৎসাহিত কৰি আহিছো। তেওঁ আৰু কয় যে ‘প্রাথমিকভাৱে মহিলাসকলৰ বাবে কাম কৰা বহুতো বেচৰকাৰী সংগঠনে আমাৰ জৰিয়তে লাভান্বিত হৈছে।

সুবিধাবঞ্চিত সকলৰ বাবে এখন বিদ্যালয় নির্মাণ কৰা হওক বা চক্ৰ, ৰেচন, অধ্যয়ন সামগ্ৰী, খাদ্য, পানী পৰিশোধক বা এনজিঅ’ক সমর্থন কৰিবলৈ হস্তনির্মিত সামগ্ৰীবোৰক বিনামূলীয়া লৈ প্ৰদান কৰা হওক, বিঅ‘আইয়ে সদায় সমাজৰ প্ৰতি দায়বদ্ধআচৰণ কৰে’, বুটিকছ অফ ইণ্ডিয়া প্ৰদৰ্শনীৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কার্যবাহী বিষয়া সঞ্জয় আগৰৱালে কয়। তেওঁ বিশ্বাস কৰে যে বিঅ’আই কেৱল বজাৰ কৰাৰ ঠাই নহয় কিন্তু বহুতো ক্ষুদ্র উদীয়মান উদ্যোগীৰ বাবে এটা ব্যৱসায়িক মঞ্চ যিয়ে জীৱনত কিবা ডাঙৰ কৰাৰ সপোন দেখে।

দুদিনীয়া অনুষ্ঠানটোত বিনামূলীয়া প্ৰৱেশ থাকিব আৰু সকলোৰে বাবে মুকলি থাকিব যিয়ে ক্রেতাসকলক তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ এটা ভাল সুযোগ প্ৰদান কৰিব। দুদিনীয়া প্ৰদৰ্শনী ১৫ অক্টোবৰ সমাপ্ত হ’ব। ইপিনে ২০২৩ বৰ্ষৰ ১৪ আৰু ১৫ জানুৱাৰীত ট্ৰাই বাজাৰ উইণ্টাৰ কাৰ্ণিভেল মহানগৰীৰ খানাপাৰৰ গ্ৰীণ উড ৰিজৰ্টত অনুষ্ঠিত হ’ব।