কলগাছিয়া : অন্ধকাৰৰ দিশত পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত। নৈৰ বুকুত বিলীন হোৱাৰ পথত এখন বিদ্যালয় (Beki River Erosion)। বেকী নৈৰ ভয়ংকৰ গৰাখহনীয়াই সংকট নমাই আনিছে এখন বিদ্যালয়ৰ প্ৰতি। বিগত কিছুদিন ধৰি বৰষুণৰ মাত্ৰা বৃদ্ধি পোৱাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে বেকী নৈৰ গৰাখহনীয়াই।

বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত বেকী নৈৰ গৰাখহনীয়াই তাণ্ডৱৰ সৃষ্টি কৰিছে। জিলাখনৰ কলগাছিয়াৰ নৈ পৰীয়া অঞ্চল সমূহত বিগত কিছুদিন ধৰি বেকী নৈৰ গৰাখহনীয়াই অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে কলগাছিয়াত বিঘাই বিঘা ভূমি বেকী নৈৰ বুকুত জাহ গৈছে। এইবাৰ এখন বিদ্যালয়ৰ প্ৰতি সংকট নমাই আনিছে বেকী নৈৰ গৰাখহনীয়াই। বেকী নৈৰ গৰাখহনীয়াত সম্পূৰ্ণৰূপে জাহ যোৱাৰ পথত ৮০৬ নং খাৰবাল্লী প্ৰাথমিক বিদ্যালয়।

ৰূপসী সংহত প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত কলগাছিয়াৰ খাৰবাল্লীত বেকী নৈৰ গৰাখহনীয়াৰ কবলত পৰি সম্পূৰ্ণৰূপে জাহ যোৱাৰ পথত ৮০৬ নং খাৰবাল্লী প্ৰাথমিক বিদ্যালয়খন। ভাৰত স্বাধীন হোৱাৰ পিছত খাৰবাল্লী গাঁৱত নিৰ্মাণ কৰা এইখন প্ৰাথমিক বিদ্যালয়খন এতিয়া গৰাখহনীয়াৰ কবলত পৰি নিচিহ্ন হোৱাৰ পথত। বিদ্যালয়খন বেকী নৈৰ বুকুত হেৰাই যোৱাৰ উপক্ৰম হোৱাত অন্ধকাৰৰ দিশত প্ৰায় পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত।

উল্লেখ্য যে বিগত বাৰিষাৰ সময়ত গৰাখহনীয়াৰ কবলত পৰি বিদ্যালয়খনৰ দুটাকৈ শ্ৰেণী কোঠা নদীৰ বুকুত জাহ গৈছে। বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বেকী নদীৰ বাঢ়নী পানীয়ে কালৰূপ ধাৰণ কৰাত ৮০৬ নং খাৰবাল্লী প্ৰাথমিক বিদ্যালয়খনৰ আৰু এটা শ্ৰেণী কোঠা নৈৰ বুকুত জাহ যোৱাত মুঠ তিনিটাকৈ শ্ৰেণী কোঠা সম্পূৰ্ণৰূপে নদীৰ বুকুত বিলীন হৈছে। বৰ্তমান বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ লগতে পৰিচালনা কমিটিৰ নিৰ্দেশমৰ্মে বিদ্যালয়খনৰ গৃহ ভাঙি নিৰাপদ স্থানলৈ স্থানান্তৰত হাতে কামে লাগিছে স্থানীয় ৰাইজ।

ইফালে বিদ্যালয়খন নৈৰ বুকুত জাহ যোৱাৰ পিছতো স্থানীয় বিধায়ক ড° হাফিজ ৰফিকুল ইছলাম আৰু বৰপেটাৰ সাংসদ আব্দুল খালেকে খবৰ ল’বলৈ আহৰি নোপোৱাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। জনপ্ৰতিনিধি সকলে কেৱল ভোটৰ সময়ত ভোট ভিক্ষা কৰি বিভিন্ন প্ৰতিশ্ৰুতি দিয়াৰ পিছত কোনো খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। অতি শীঘ্ৰে বেকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ লগতে নিৰাপদ স্থানত এখন নতুনকৈ বিদ্যালয় স্থাপন কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে ৰাইজে।