শিৱসাগৰ, ২ মে’ : পুনৰ বিতৰ্কিত শৃংখল চলিহা। এজন ব্যৱসায়ীৰ মুখত থুৱাই দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল শৃংখল চলিহা। ব্যৱসায়ীজনৰ মুখত থুৱাই দিয়াৰ দৃশ্য কেমেৰাত আৱদ্ধ হৈছিল। শিৱসাগৰ আৰক্ষীয়ে পুৱা ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক (Sibsagar Police Arrested)।

বীৰ লাচিত সেনাৰ (Bir Lachit Sena) প্ৰশাসনিক সচিব শৃংখল চলিহাৰ বিৰুদ্ধে পুনৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। শিৱসাগৰৰ এজন ব্যৱসায়ীৰ মুখত থুৱাই দিয়াৰ অভিযোগ উত্থাপন হৈছে শৃংখল চলিহাৰ বিৰুদ্ধে। এই অভিযোগত ইতিমধ্যে শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাক। যোৱা ২৮ এপ্ৰিলত এই ঘটনা সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে।

সোমবাৰে (১ মে’) শৃংখল চলিহাৰ বিৰুদ্ধে শিৱসাগৰ থানাত গোচৰ ৰুজু কৰা হৈছিল (case file against Srinkhal Chaliha)। উক্ত গোচৰৰ ভিত্তিত মঙলবাৰে (২ মে’) পুৱাৰ ভাগত শিৱসাগৰ আৰক্ষীৰ এটা দল শৃংখল চলিহাৰ ঘৰত উপস্থিত হৈ শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰে। অভিযোগ মতে, যোৱা ২৮ এপ্ৰিলত শৃংখল চলিহাই সংস্কৃতিক অনুষ্ঠানৰ নামত চান্দা বিচাৰি (Donation for Cultural Programme) মাণিক চান্দ কেডিয়া নামৰ এজন ব্যৱসায়ীৰ প্ৰতিষ্ঠানত উপস্থিত হৈছিল।

চান্দাকলৈ বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা আৰু ব্যৱসায়ী মাণিক চান্দ কেডিয়াৰ মাজত কথা কটাকাটি হয় আৰু ব্যৱসায়ীজনে শৃংখল চলিহাই তেওঁৰ মুখত থুৱাই দিয়াৰ অভিযোগ উত্থাপন কৰে। শৃংখল চলিহাই ব্যৱসায়ীজনৰ মুখত থুৱাই দিয়াৰ দৃশ্য কেমেৰাত বন্দী হৈছিল। এই সমগ্ৰ দৃশ্য ইতিমধ্যে থানাত জমা দিয়া হৈছে বুলিও জানিব পৰা গৈছে। শিৱসাগৰ আৰক্ষীয়ে শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰি থানাত আনিছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে কিছুদিন পূৰ্বে শিৱসাগৰত এজন ঠিকাদাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এজন নেতাক শাৰীৰিকভাৱে অপদস্থ কৰাকলৈ উত্তপ্ত হৈ পৰিছিল শিৱসাগৰ। ঠিকাদাৰজনকো শৃংখল চলিহাই ধমক দিয়াৰ অভিযোগ আছিল। সোমবাৰে (১ মে’) শিৱসাগৰ আৰক্ষীয়ে উক্ত ঠিকাদাৰজনক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।