নলবাৰী, ২ মে’ : নলবাৰীৰ পথাৰৰ পৰাই নেপালৰ বজাৰলৈ ৰঙালাউ (Pumpkin export Nalbari to Nepal) । নলবাৰী জিলা কৃষি বিভাগৰ উদ্যোগত কৃষকৰ পথাৰৰ পৰাই ৰঙালাউ নেপালৰ বজাৰলৈ ৰপ্তানি। কোনো মধ্যভোগী নোহোৱাকৈ প্ৰায় ২০ টন ৰঙালাউ নেপালৰ কাঠমান্দোৰ ব্যবসায়ীৰ সৈতে সংযোগ কৰি উপযুক্ত দৰত বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে।

নলবাৰী জিলা কৃষি বিভাগৰ উদ্যোগত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ (এপাৰ্ট) সহযোগত জিলাখনৰ পাগলাদিয়া এগ্ৰ’ অৰ্গেনিক কৃষক গোষ্ঠীৰ অধীনত কৰা ৰঙালাউ (ই ডাব্লিও-১৩৭) খেতিৰ বিক্ৰীৰ শুভাৰম্ভণি কৰা হয়। উল্লেখ্য যে এই উন্নত জাতৰ ৰঙালাউ খেতি কৰি কৃষক সকলে যথেষ্ট লাভৱান হয়। পাগলাদিয়া এগ্ৰ’ অৰ্গেনিক কৃষক গোষ্ঠীৰ কৃষক সকলে কহুৱা ৰিজৰ্টত তথা জ্যোতি কৃষক সংঘৰ মাটিত কৰা খেতিৰ প্ৰায় ২০ টন ৰঙালাউ জিলা কৃষি বিপণন সমন্বয়ক (এপাৰ্ট)সত্যেন তালুকদাৰে কোনো মধ্যভোগী নোহোৱাকৈ নেপালৰ কাঠমান্দোৰ ব্যবসায়ীৰ সৈতে সংযোগ কৰি উপযুক্ত দৰত বিক্ৰীৰ ব্যৱস্থা কৰি দিয়ে।

বজাৰ সংযোগ ব্যবস্থাপনা তথা ৰঙালাউ বিক্ৰী শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি কৃষকক উৎসাহ যোগায় ডেপুটী প্ৰজেক্ট ডাইৰেক্টৰ-ii (আত্মা) ড° জয়া গগৈ, জিলা পৰিবেশ সমন্বয়ক (এপাৰ্ট) ড° অপৰ্ণা দাস, আৰ টি আতিকুৰ ৰহমান, মিডিয়া বিশেষজ্ঞ ৰুনজুন দাস আৰু বিভাগীয় বিভিন্ন বিষয়ববীয়া আৰু কৃষক উৎপাদক গোষ্ঠীৰ বিভিন্ন বিষয়ববীয়া সকলে। কৃষি বিভাগৰ এই পদক্ষেপক প্ৰগতিশীল কৃষক তথা পাগলাদিয়া এগ্ৰ’ অৰ্গেনিক কৃষক গোষ্ঠীৰ বোৰ্ড অব ডাইৰেক্টৰ পংকজ কলিতাই শলাগ লয়।

উল্লেখ্য যে ইতিমধ্যে নলবাৰী জিলাৰ বিভিন্ন অঞ্চলৰ কৃষক সকলে উৎপাদন কৰা বিভিন্ন শাক-পাচলিৰ লগতে ৰঙালাউ মহানগৰী গুৱাহাটীৰ বজাৰ সমূহলৈ ৰপ্তানি কৰা হৈছে। কেৱল মহানগৰী গুৱাহাটীৰে নহয় নামনি অসমৰ বজাৰ সমূহো দখল কৰিবলৈ সক্ষম হৈছে নলবাৰীৰ কৃষক সকলে উৎপাদন কৰা ৰঙালাউ। এইবাৰৰ প্ৰথমবাৰৰ বাবে নলবাৰীৰ কৃষকৰ উৎপাদিত ৰঙালাউ নেপালৰ কাঠমান্দোৰ বজাৰ দখল কৰিব।

মঙলবাৰে ২০ টন ৰঙালাউ ৰপ্তানি কৰা হৈছে আৰু পৰৱৰ্তী সময়ত নেপালৰ কাঠমান্দোৰ বজাৰলৈ ৰপ্তানি কৰাৰ বাবে ২০ টন ৰঙালাউ মজুদ কৰি ৰখা হৈছে বুলি জানিবলৈ দিয়ে নলবাৰীৰ কৃষি বিষয়াই। কৃষি বিষয়া গৰাকীয়ে জিলাখনৰ কৃষক সকলক ব্যৱসায়ীক ভিত্তিত কৃষি কাৰ্যৰ লগত জড়িত হ’বলৈ আহ্বান জনায়। কৃষক সকলে যাতে তেওঁলোকে উৎপাদন কৰা শস্য সমূহ মধ্যভোগী নোহোৱাকৈ উচিত মূল্যত বিক্ৰী কৰি লাভম্বিত হ’ব পাৰে ইয়াৰ বাবেও কৃষি বিভাগৰ ফালৰ পৰা সহায়-সহযোগিতা আগবঢ়োৱা হ’ব বুলিও কয় কৃষি বিষয়া গৰাকীয়ে।