শিৱসাগৰ, ১ মে’ : অৱশেষত বিতৰ্কিত ঠিকাদৰ নিৰ্মল ম’ৰেক গ্ৰেপ্তাৰ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাহমৰা আঞ্চলিকৰ সম্পাদক লক্ষী দাস পানিকাৰক শাৰীৰিকভাৱে অপদস্থ কৰিছিল বিতৰ্কিত ঠিকাদৰ নিৰ্মল ম’ৰে। এটা পথ নিৰ্মাণকলৈ লক্ষী দাস পানিকাৰে প্ৰশ্ন কৰিছিল ঠিকাদৰ নিৰ্মল ম’ৰেক। ঠিকাদৰ নিৰ্মল ম’ৰেক গ্ৰেপ্তাৰ কৰাৰ দাবীত উত্তপ্ত হৈ পৰিছিল শিৱসাগৰ (Protest Demanding Nirmal More Arrest)।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ (Assam Jatiyatabadi Yuba Chatra Parishad) মাহমৰা আঞ্চলিকৰ সম্পাদক লক্ষী দাস পানিকাৰক শাৰীৰিকভাৱে অপদস্থ কৰা শিৱসাগৰৰ বিতৰ্কিত ঠিকাদাৰ নিৰ্মল ম’ৰেক অৱশেষত গ্ৰেপ্তাৰ কৰিলে শিৱসাগৰ আৰক্ষীয়ে। সোমবাৰে (১ মে’) শিৱসাগৰ সদৰ থানাৰ আৰক্ষীৰ এটা দলে গুৱাহাটী পৰা গ্ৰেপ্তাৰ কৰে ঠিকাদাৰ নিৰ্মল ম’ৰেক। গ্ৰেপ্তাৰৰ পিছতে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰে নিৰ্মল ম’ৰেক আৰক্ষীয়ে শিৱসাগৰলৈ নিয়ে।

শিৱসাগৰ সদৰ থানাত বিতৰ্কিত ঠিকাদাৰজনক জেৰা চলোৱা হয় বুলি জানিব পৰা গৈছে। ইফালে ঠিকাদাৰ নিৰ্মল ম’ৰেক লৈ শিৱসাগৰ সদৰ থানাৰ আৰক্ষীৰ দল থানাত উপস্থিত হোৱাৰ পিছতে বিভিন্ন দল-সংগঠনৰ সদস্যই থানাৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে বিতৰ্কিত ঠিকাদাৰজনক জেললৈ প্ৰেৰণ কৰাৰ দাবী জনায়। নিৰ্মল ম’ৰেক জেললৈ প্ৰেৰণ নকৰিলে মঙলবাৰে শিৱসাগ আৰু চৰাইদেউ জিলা বন্ধ দিয়াৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে।

উল্লেখ্য যে কিছুদিন পূৰ্বে শিৱসাগৰৰ ঠিকাদাৰ নিৰ্মল ম’ৰেই নিৰ্মাণ কাৰ্য চলাই থকা এটা পথৰ কামকলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাহমৰা আঞ্চলিকৰ সম্পাদক লক্ষী দাস পানিকাৰে ঠিকাদাৰজনক প্ৰশ্ন কৰাত লক্ষী দাস পানিকাৰক শাৰীৰিকভাৱে অপদস্থ কৰিছিল ঠিকাদাৰ নিৰ্মল ম’ৰে। ছাত্র সংগঠনটোৰ নেতাক ঠিকাদাৰজনে শৰীৰকভাৱে অপদস্থ কৰা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল আৰু ইয়াকেলৈ সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাজনক ঠিকাদাৰ নিৰ্মল ম’ৰে শাৰীৰিকভাৱে অপদস্থ কৰাত ঠিকাদাৰজনৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণ কৰাৰ দাবীত উত্তপ্ত হৈ পৰিছিল শিৱসাগৰ জিলা। জিলাখনৰ বিভিন্ন দল-সংগঠনৰ লগতে ৰাইজে নিৰ্মল ম’ৰেক গ্ৰেপ্তাৰৰ দাবী জনাই পরিবাদমুখৰ হৈ উঠিছিল। নিৰ্মল ম’ৰেৰ ঘৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যোৱা প্ৰতিবাদকাৰী সকলৰ ওপৰত শিলা বর্ষণ কৰাও হৈছিল, য’ত এগৰাকী সাংবাদিক আহত হৈছিল।

ইয়াৰ পিছতে ৰাইজ অধিক উত্তপ্ত হৈ ধাৰাবাহিক প্ৰতিবাদ চলাই গৈছিল। ৰাইজৰ প্ৰতিবাদ দেখি বিতৰ্কিত ঠিকাদাৰজনে সামাজিক মাধ্যমত এক ভিডিঅ’যোগে ক্ষমাও বিচাৰিছিল। ইয়াৰ পিছতো ৰাইজ শান্ত হোৱা নাছিল আৰু বিতৰ্কিত ঠিকাদাৰজনৰ গ্ৰেপ্তাৰৰ দাবী জনাই প্ৰতিবাদ চলাই গৈছিল। অৱশেষত ৰাইজৰ প্ৰতিবাদত শিৱসাগৰ আৰক্ষীয়ে বিতৰ্কিত ঠিকাদাৰ নিৰ্মল ম’ৰেক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰে।