গুৱাহাটী, সংবাদ ৩৬৫, ১৮ ছেপ্টেম্বৰ : আজি নিৰ্মাণ-সৃজনৰ দেৱতা বিশ্বকৰ্মাৰ পূজা । চাৰিওফালে দেৱতা বিশ্বকৰ্মাৰ আৰাধনা চলিছে । ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো ঘৰে ঘৰে, দোকান-পোহাৰ, অফিচ-কাৰ্য্যালয়,কল-কাৰখানা, উদ্যোগ-প্ৰতিষ্ঠান, গেৰেজ, চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান সকলোতে দেৱশিল্পৰ আৰাধনা চলিছে ।

জনবিশ্বাস অনুসৰি দেৱতা বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল ইন্দ্ৰপুৰি, স্বৰ্গলোক, যমপুৰি আদি দৃষ্টিনন্দন ৰৈম্যপীঠ। সেই অনুসৰিয়েই অতীজৰে পৰা নিৰ্মাণ-সৃজনৰ দেৱতা ৰূপে বিশ্বকৰ্মাৰ পূজা কৰি আহিছে ।

বিশ্বকৰ্মা পূজা বা বিশ্বকৰ্মা জয়ন্তী ভাৰতৰ কৰ্ণাটক, অসম, পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা আৰু ত্ৰিপুৰা আদি প্ৰদেশত প্ৰতিবছৰে ভাদ মাহৰ সংক্ৰান্তি বা কণ্যা সংক্ৰান্তিত পালন কৰি অহা হৈছে ।