গুৱাহাটী, সংবাদ ৩৬৫, ১৭ ছেপ্টেম্বৰ : দৰঙৰ বুঢ়া আৰক্ষীৰ বৰ্বৰতা । উলংগ কৰি ওৰে নিশা যুৱতীক নিৰ্যাতন । আৰক্ষীৰ হাতৰ পৰা সাৰি নগ’ল গৰ্ভৱতী মহিলাও ।

উল্লেখযোগ্য যে ৯ ছেপ্টেম্বৰতে সংঘটিত হৈছিল এই বৰ্বৰ কাণ্ড। আচামীক বিচাৰি নাপাই সাতগাঁওৰ পৰা আত্মীয় তিনি যুৱতীক গুৱাহাটীৰ পৰা উঠাই নি অত্যাচাৰ চলাইছিল আৰক্ষীয়ে।

থানাৰ লকআপত পানীৰ বাবে হাহাকাৰ কৰি থকা গৰ্ভৱতী মহিলাক এটুপি পানী দিয়াৰো মানৱীয়তাবোধ নকৰিলে আৰক্ষীয়ে।

ইফালে বুঢ়া আৰক্ষী থানাৰ এছ আই মহেন্দ্ৰ শৰ্মাৰ গোৰত নষ্ট হয় গৰ্ভৱতী মহিলাগৰাকীৰ সন্তানটো। এই কাণ্ডত সহযোগ কৰিছিল বিনীতা নামৰ এগৰাকী মহিলা কনিষ্টবলে । ইয়াৰোপৰি মহেন্দ্ৰ শৰ্মাই তিনি যুৱতীক উলংগ কৰি ওৰেনিশা শাৰীৰিক উৎপীড়ন চলোৱাৰ লগতে যৌন নিৰ্যাতন চলোৱাৰো অভিযোগ উঠিছে ।

মহেন্দ্ৰ শৰ্মাৰ বিৰুদ্ধে দৰঙৰ এছ পিক অভিযোগ দাখিল কৰা হৈছে যদিও সমগ্ৰ বিষয়টোক গাপ দিয়াৰ চেষ্টা আৰক্ষী অধীক্ষকৰ ।এইপৰ্যন্ত এছ আই মহেন্দ্ৰ শৰ্মাৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই দৰং আৰক্ষীয়ে ।

প্ৰশ্ন হয় মহিলাৰ ওপৰত নিৰ্মম অত্যাচাৰ কৰি , গৰ্ভৰ সন্তানক হত্যা কৰি সাৰি যাব নেকি এছ আই মহেন্দ্ৰ শৰ্মা ? আনহাতে এই নিকৃষ্ট কাণ্ডত সহযোগিতা আগবঢ়োৱা মহিলা কনিষ্টবল বিনীতাৰ ওপৰত কি ব্যৱস্থা লব দৰং আৰক্ষীৰ অধীক্ষক গৰাকীয়ে ।