জোনমণি বেমগ
বিশ্বনাথ : বিশ্বনাথত পুনৰ কণ্টেইনাৰৰ পৰা জব্দ গৰু। দেওবাৰে নিশা বিশ্বনাথ সদৰ আৰক্ষীয়ে অভিযান চলাই এটা কণ্টেইনাৰৰ পৰা জব্দ কৰে ২৩ টাকৈ গৰু। গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত আৰক্ষীয়ে কণ্টেইনাৰৰ পৰা গৰু জব্দ কৰাৰ লগতে এজনক গ্ৰেপ্তাৰ কৰে।

দেওবাৰে নিশা বিশ্বনাথ সদৰ আৰক্ষীয়ে এক অভিযান চলাই এখন কণ্টেইনাৰৰ পৰা ২৩ টাকৈ গৰু জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে নিশা বিশ্বনাথ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰয়েৰ নেতৃত্বত বিশ্বনাথ সদৰ আৰক্ষীৰ এটা দলে আৰক্ষী থানাৰ সন্মুখত নাকা চেকিং চলাই গৰু ভৰ্তি এখন কণ্টেইনাৰ জব্দ কৰে।

আৰক্ষীৰ দলটোৱে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে চিলাপথাৰ ফলৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা বৃহৎ কন্টেইনাৰ যুক্ত ট্ৰাকখন ৰাখিবলৈ চিগনেল প্ৰদান কৰে। কিন্তু আৰক্ষীৰ চিগনেলক গুৰুত্ব নিদি পলায়ন কৰে কন্টেইনাৰ যুক্ত ট্ৰাকখন। আৰক্ষীৰ দলটোৱে ট্ৰাকখনক খেদি খেদি চতিয়াৰ সমিপত আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে তালাচী চলাই ট্ৰাকখনৰ কন্টেইনাৰৰ পৰা ২৩ টাকৈ গৰু জব্দ কৰে। আৰক্ষীয়ে ট্ৰাকখনৰ চালক ইদ্ৰিচ অলীক গ্ৰেপ্তাৰ কৰে। আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰয়ে জানিব দিয়া মতে গৰুকেইটা চিলাপথাৰৰ পৰা গুৱাহাটীৰ নমাইলত থকা গৰু বজাৰলৈ লৈ নি থকা হৈছিল। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।