আজিজ আলী

নলবাৰী : নলবাৰীৰ বৰকুৰাত উদ্ধাৰ অচিনাক্ত মৃতদেহ। অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱাকলৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্য। নলবাৰী আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

নলবাৰী চহৰৰ সমীপতে থকা বৰকুৰা নিৰ্মীয়মান দলংৰ সমীপৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এজন অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ হোৱাকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। স্থানীয় লোকে প্ৰকাশ কৰা অনুসৰি মৃতদেহটো প্ৰায় ২৫-২৬ বছৰীয়া যুৱকৰ। যুৱকজনক মানসিকভাৱে বিকাৰগ্ৰস্থ বুলিও সন্দেহ কৰিছে একাংশই।

কোনো লোকে হত্যা কৰি যুৱকজনক উক্ত স্থানত পেলাই যোৱা বুলিও সন্দেহ প্ৰকাশ কৰিছে ৰাইজে। ঘটনাস্থলীত নলবাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।