৫৮ টা ৱাৰ্ডত বিজেপি-অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজয়ী, এখনকৈ আসনত অজাপ আৰু আপৰ জয়

In ৰাজ্য
TheChocolateRoomTezpur

গুৱাহাটী : কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত দেওবাৰে গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ভোট গণনা সম্পন্ন কৰা হয়। কামৰূপ মহানগৰ জিলাৰ জিলা নিৰ্বাচন বিষয়া পল্লৱ গোপাল ঝাৰ তত্বাৱধানত আৰু সহকাৰী ৰিটাৰ্ণিং বিষয়াসকলৰ উপস্থিতিত গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত এই ভোট গণনাত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী আৰু প্ৰতিনিধিসকল উপস্থিত থাকে। পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা এই ভোট গণনাৰ আৰম্ভণিতে পোষ্টেল বেলট পেপাৰৰ জৰিয়তে প্ৰদান কৰা ভোটসমূহৰ গণনা কৰা হয়। ইয়াৰ পিছতে আৰম্ভ কৰা হয় ইভিএমত আৱদ্ধ মূল ভোট গণনা পৰ্ব।

গণনাৰ শেষত কামৰূপ মহানগৰ জিলাৰ জিলা ৰিটাৰ্ণিং বিষয়াই নিৰ্বাচনৰ ফলাফলসমূহ ঘোষণা কৰে। ঘোষিত ফলাফল অনুসৰি মুঠ ৬০ টা ৱাৰ্ডৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে ৫৮ টা ৱাৰ্ডত বিজয় সাব্যস্ত কৰে। ইয়াৰ ভিতৰত ৬ টা ৱাৰ্ড ১০, ১২, ১৩, ২৪, ৩২ আৰু ৫৯ ৱাৰ্ডত অসম গণ পৰিষদৰ প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ বিপৰীতে ৫২ টা ৱাৰ্ড- ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯, ১১, ১৪, ১৫, ১৬, ১৭, ১৮, ১৯, ২০, ২১, ২২, ২৩, ২৫, ২৬, ২৭, ২৮, ২৯, ৩০, ৩১, ৩৩, ৩৪, ৩৫, ৩৬, ৩৭, ৩৮, ৩৯, ৪০, ৪১, ৪৩, ৪৪, ৪৫, ৪৬, ৪৭, ৪৮, ৪৯, ৫০, ৫১, ৫২, ৫৩, ৫৪, ৫৫, ৫৬, ৫৭, ৫৮ আৰু ৬০ নং ৱাৰ্ডত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হয়। আনহাতে ১ নম্বৰ ৱাৰ্ডত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী আৰু ৪২ নম্বৰ ৱাৰ্ডত আম আদমী পাৰ্টীৰ প্ৰাৰ্থী বিজয়ী হয়।

উল্লেখযোগ্য যে এইবাৰৰ নিৰ্বাচনত ৫, ৬ আৰু ২২ নম্বৰ ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী তিনিগৰাকীয়ে ইতিমধ্যে বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে। ফলাফল ঘোষণাৰ অন্তত জিলা নিৰ্বাচন বিষয়াই বিজয়ী প্ৰাৰ্থীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে। নিৰ্বাচনত মুঠ ১৯৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া পল্লৱ গোপাল ঝাই নিকা আৰু স্বচ্ছতাৰে শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাত সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে নিৰ্বাচনত নিয়োজিত বিষয়া-কৰ্মীৰ লগতে সমূহ ভোটাৰ ৰাইজ, বিভিন্ন ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকললৈ আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছে।

You may also read!

সামাজিক সংগঠন ব্ৰাদাৰ্ছৰ উদ্যোগত আন্ত:ৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উদযাপন

গুৱাহাটী : সামাজিক সংগঠন ব্ৰাদাৰ্ছৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উদযাপন। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংগঠন ব্ৰাদাৰ্ছৰ উদ্যোগত অনুব্রত সমিতি,

Read More...

১৩৬ বেটেলিয়ান চিআৰপিএফ বাহিনীৰ প্ৰশংসনীয় পদক্ষেপ

আজিজ আলী নলবাৰী : ১৩৬ বেটেলিয়ান চিআৰপিএফ বাহিনীৰ প্ৰশংসনীয় পদক্ষেপ। নলবাৰীৰ সৰিয়হতলীত ১৩৬ নং বেটেলিয়ানৰ চিআৰপিএফ বাহিনীৰ বানাক্ৰান্তৰ বাবে বিশাল

Read More...

নগাঁৱত পুনৰ জ্বলিল ১৫ কোটি টকা মূল্যৰ ড্ৰাগছ

নগাঁও : নগাঁৱত ড্ৰাগছ বিনষ্টিকৰণ কাৰ্যসূচী। নগাঁৱত পুনৰ জ্বলিল ১৫ কোটি টকা মূল্যৰ ড্ৰাগছ। নগাঁও জিলাৰ বিভিন্ন থানাৰ আৰক্ষীয়ে

Read More...

Mobile Sliding Menu