গুৱাহাটী : ৰাজ্যৰ যুৱক-যুৱতীসকলক নিষিদ্ধ সংগঠনটোত যোগদান নকৰিবলৈ আহ্বান জনোৱা লগতে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই আশংকা প্ৰকাশ কৰিছে যে সন্ধানহীন যুৱক-যুৱতী সকলৰ বহুতে আলফা (স্বাধীন)ৰ সদস্য হৈ পৰিছে। তেওঁ কয় যে এতিয়া অসমত শান্তি আহিছে, ভয় আৰু সন্ত্ৰাসৰ পৰিৱেশ ক্ৰমান্বয়ে সমাপ্ত হৈছে। এনে পৰিস্থিতিত, তেওঁ যুৱক-যুৱতীসকলক আহ্বান জনাইছে যে তেওঁলোকে যাতে পুনৰ তেজৰ ফাকু নেখেলে।

আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই সংগঠনটোৰ মুৰব্বীকো ক’ব বিছাৰে যে তেওঁ যুৱক সকলক ইয়াত অন্তৰ্ভুক্ত নকৰি, আনকি কোনোবাই তালৈ গ’লেও, তেওঁক ঘূৰাই পঠিয়াব লাগে। আনহাতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সময়ে সময়ে মাত মাতি অহা অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই। ডঃ দিব্যজ্যোতি শইকীয়াই কয় যে বিগত সময়ছোৱাত পঞ্চাশ জনতকৈ অধিক যুৱক-যুৱতী তথা বিবাহিত লোকে আলফাত যোগদান কৰি অসম এৰা খবৰে তেওঁক উদ্বিগ্ন কৰি তুলিছে।

তেঁও নৱপ্ৰজন্মক দেশ বিৰোধী বিছিন্নতাবাদী আলফা (স্বাধীন)ৰ দৰে সংগঠনত যোগদান কৰাৰ বিপৰীতে সৃষ্টিশীল কৰ্মৰ লগতে কৃষি আৰু ক্ষুদ্ৰ উদ্যোগ আদিত নিজকে আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়। সন্ত্ৰাসবাদ কেতিয়াও দেশ নিৰ্মাণৰ সুপথ হ’ব নোৱাৰে বুলি তেওঁ উল্লেখ কৰাৰ লগতে তেঁও অসম চৰকাৰকো তীক্ষ্ণ সমালোচনা কৰে। ডঃ দিব্যজ্যোতি শইকীয়াই পুনৰ কয় যে তেওঁ দেখিছে অসম চৰকাৰে যুৱক-যুৱতী সকলক যি ধৰণেৰে বিভিন্ন প্ৰকাৰে নিয়োগৰ ব্যৱস্থা কৰিব লাগিছিল সেই ধৰণে ব্যৱস্থা নকৰাৰ লগতে এনেধৰণৰ বিদ্রোহী সংগঠনত যোগদান কৰাত বাধা আৰোপ কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে। আনহে নালাগে চৰকাৰে কোনো ধৰণৰ সজাগতাৰও ব্যৱস্থাই কৰা নাই।

সেয়ে তেওঁ চৰকাৰক উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে অসমৰ যুৱ প্ৰজন্মৰ প্ৰতিজন অবিভৱকক অধিক সতৰ্কতা অৱলম্বন কৰি নিজ নিজ সন্তানৰ প্ৰতি দৃষ্টি ৰাখিবলৈ আহ্বান জনায়। ইপিনে এই সন্দৰ্ভত কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে কয় যে নিবনুৱা সমস্যাৰ বাবে মানুহ বিচলিত হৈ উগ্ৰপন্থী হৈ পৰিছে। চৰকাৰে যুৱসকলক নিযুক্তি প্ৰদান কৰাত ব্যৰ্থ হৈছে। তেওঁলোকৰ কেৱল মন্দিৰ-মছজিদৰ যুদ্ধৰ ব্যৱস্থাত আছে। যুৱকসকল এতিয়া হতাশ। সেইকাৰণে তেওঁলোকক পথভ্ৰষ্ট হ’বলৈ আৰু ভুল পথত খোজ কাঢ়িবলৈ বাধ্য কৰা হৈছে।