গোৱালপাৰা, ১২ জুন, ২০২৩ : শাসকীয় বিজেপি দলৰ নেত্ৰীক হত্যা (BJP leader body found)। গোৱালপাৰাত বিজেপি নেত্ৰীক নৃশংসভাৱে হত্যা কৰি ৰাজপথত পেলাই দিলে দুৰ্বৃত্তই। দেওবাৰে নিশা উদ্ধাৰ হয় বিজেপি নেত্ৰী গৰাকীৰ মৃতদেহ। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য।

গোৱালপাৰাত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। শাসকীয় বিজেপি দলৰ এগৰাকী নেত্ৰীক অতি নৃশংসভাৱে হত্যা কৰি দুৰ্বৃত্তই ৰাজপথত পালেই যায়। কৃষ্ণাইৰ শালপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে নিশাৰ ভাগত উদ্ধাৰ হয় গোৱালপাৰাৰ বিজেপি নেত্ৰী জোনালী নাথৰ মৃতদেহ। গোৱালপাৰা জিলা বিজেপিৰ সম্পাদিকা আছিল হত্যাৰ বলি হোৱা জোনালী নাথ।

গোৱালপাৰাৰ মটিয়াত জোনালী নাথৰ ঘৰ বুলি জানিব পৰা গৈছে। সন্দিয়াৰ ভাগত জোনালী নাথ ঘৰৰ পৰা ওলাই গৈছিল আৰু নিশা কৃষ্ণাইৰ শালপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ হয় জোনালী নাথৰ মৃতদেহ। নিশাই আৰক্ষীয়ে জোনালী নাথৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্ত পৰীক্ষাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰে। মৃতদেহৰ বহু ঠাইত আঘাতৰ চিন থকা বুলিও জানিব পৰা গৈছে।

স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে যে দুৰ্বৃত্তই জোনালী নাথক ধর্ষণ কৰি হত্যা কৰি নিশা ৰাজপথত পেলাই যায়। শাসকীয় দলৰ এগৰাকী নেত্ৰী এইদৰে নৃশংস হত্যাকাণ্ডৰ বলি হোৱা ঘটনাই গোৱালপাৰা জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিজেপি দলৰ নেতা-কর্মীৰ লগতে স্থানীয় ৰাইজে এক নৃশংস হত্যাকাণ্ডৰ লগত জড়িত দুৰ্বৃত্তক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে।

এই পৰ্যন্ত কোনে জোনালী নাথক এইদৰে নৃশংসভাৱে হত্যা কৰি ৰাজপথত পেলাই যায় এই সম্পৰ্কে জানিব পৰা হোৱা নাই। আৰক্ষীয়ে এই হত্যাকাণ্ডৰ তদন্ত আৰম্ভ কৰিছে। জানিব পৰা মতে বিজেপি নেত্ৰী জোনালী নাথৰ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে এজন লোকক আটক কৰিছে। আৰক্ষীয়ে আটক কৰা লোক জনক জেৰা চলাই আছে বুলিও জানিব পৰা গৈছে।