গুৱাহাটী, ১২ জুন, ২০২৩ : জল ৱৰ্ডৰ কামৰ নমুনা! এইবাৰ জু-ৰোডত বিস্ফোৰণ পানীৰ পাইপ (Water pipe blast in zoo road area)। পানীৰ পাইপ বিস্ফোৰণৰ ফলত জলমগ্ন হৈ পৰে সমগ্ৰ অঞ্চল। কেইবাখনো বাহনৰ লগতে ব্যৱসায়ীক প্ৰতিষ্ঠানৰ বিস্তৰ ক্ষতি সাধন। বহু লোকৰ ঘৰত একাঁঠু পৰ্যন্ত পানী। বর্তমানলৈকে কোনো লোক হতাহত হোৱা বুলি জানিব পৰা নাই।

“জলবোমাৰ ওপৰত বসবাস কৰি আছে গুৱাহাটী মহানগৰবাসী, যিকোনো সময়তে মহানগৰীৰ যিকোনো ঠাইত বিস্ফোৰণ ঘটিব পাৰে এই জলবোমাৰ”। এই ভাষ্য জু-ৰোডৰ একাংশ লোকৰ। ক্ষোভত জ্বলি এইদৰে মন্তব্য কৰিছে জু-ৰোডৰ একাংশ লোকে। কাৰণ সোমবাৰে জু-ৰোডত কথমপী প্ৰাণ ৰক্ষা পৰিল বহু লোকৰ। দুপৰীয়াৰ ভাগত ভয়ংকৰ জল বিস্ফোৰণৰ পৰা বহু লোক কথমপী ৰক্ষা পৰে যদিও বিস্তৰ ক্ষতি সাধন হয়।

জু-ৰোড আৰু ৰাজগড়ৰ মাজত দুপৰীয়া জল বৰ্ডৰ পাইপ বিস্ফোৰণ ঘটাত অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। পানীৰ পাইপ ফুটি মুহূৰ্ততে পানীৰ ঢৌৱে জলমগ্ন কৰি তোলে সমগ্ৰ অঞ্চলটো। পানীৰ লগত ওলাই অহা শিল পৰি কেইবাখনো বাহনৰে ক্ষতি সাধন হোৱাৰ লগতে অঞ্চলটোৰ বহু কেইটা ব্যৱসায়ীক প্ৰতিষ্ঠান ডুব যায় পানীৰ তলত। ফলত কেইবালক্ষাধিক টকাৰ ক্ষতি সাধন হয় ব্যৱসায়ীক প্ৰতিষ্ঠান কেইটাৰ।

অঞ্চলটোৰ বহু লোকৰ ঘৰত পানী সোমাই বহু সামগ্ৰী অনিষ্ট কৰে। বহু লোকৰ ঘৰ একাঁঠু পৰ্যন্ত পানীত ডুব যায়। অৱশ্যে এই ভয়ংকৰ ঘটনাত বর্তমানলৈকে কোনো লোকে হতাহত হোৱা বুলি জানিব পৰা হোৱা নাই। পানীৰ পাইপ বিস্ফোৰণৰ পিছতে ঘটনাস্থলীত প্ৰশাসনৰ লোক উপস্থিত হৈ বিস্ফোৰণ ঘটা পাইপটো মেৰাপতি কৰে। জল ৱৰ্ডৰ কামৰ নমুনাত ক্ষোভিত হৈ স্থানীয় ৰাইজে চৰকাৰ তথা প্ৰশাসনক তীব্ৰ সমালোচনা কৰে।

উল্লেখ্য যে কিছুদিন পূৰ্বে মহানগৰীৰ খাৰঘুলি অঞ্চলত পানীৰ পাইপ বিস্ফোৰণ হৈছিল। খাৰঘুলি জয়পুৰত পানীৰ পাইপ বিস্ফোৰণ ঘটি পানীৰ ঢৌৱে উটুৱাই নিছিল অঞ্চলটোৰ কেইবাটাও ঘৰ। পানীৰ উৰ্ধমুখী সোঁতে উটুৱাই নিছিল ৰাজপথৰ ওপৰত থকা কেইবাখনো বাহন। পানীৰ পাইপ ফুটি অঞ্চলটোত বিস্তৰ ক্ষতি সাধন হোৱাৰ লগতে এগৰাকী মহিলাৰে মৃত্যু হৈছিল। এই ভয়ংকৰ ঘটনাত আহত হৈছিল কেইবাজনো লোক।