কোকৰাঝাৰ, ১১ জুন, ২০২৩ : হৰিণাৰ মাংস বুলি গৰুৰ মাংস বিক্ৰী (Killing Cow)। পথাৰত এৰি দিয়া গৰু হত্যা কৰি হৰিণাৰ মাংস বুলি বিক্ৰী। এই জঘন্য কাণ্ডৰ লগত জড়িত চাৰিজন আটক। দীর্ঘদিন ধৰি চাৰিজনে হৰিণাৰ মাংস বুলি গৰুৰ মাংস বিক্ৰী কৰি আহিছিল। ঘটনাক কেন্দ্ৰ কেই তীব্ৰ চাঞ্চল্য।

কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তত চাৰিজন লোকে সংঘটিত কৰিছে এক জঘন্যকাণ্ড। লোক চাৰিজন গৰু হত্যা কৰি হৰিণাৰ মাংস বুলি বিক্ৰী কৰি ৰাইজৰ ৰোষত পৰে। জানিব পৰা মতে এজন লোকে পথাৰত এৰি দিয়া গৰুক হস্ত নিৰ্মিত বন্দুকেৰে গুলীয়াই হত্যা কৰি গৰুটোৰ মাংসক জুইত শুকুৱাই হৰিণাৰ মাংস বুলি বিক্ৰী কৰে।

পথাৰত গৰু এৰি দিয়া লোকজনে পথাৰত গৰু নাপাই বিচাৰ হাবাথুৰি খাই অৱশেষত উদ্ধাৰ কৰে গৰুটোৰ মুণ্ড। ইয়াৰ পিছতে পোহৰলৈ আহে সকলো ঘটনা। স্থানীয় ৰাইজে হৰিণাৰ মাংস বুলি গৰুৰ মাংস বিক্ৰী কৰা চাৰিজনক আটক কৰি উত্তম মাধ্যম দি আৰক্ষীক গতাই দিয়ে। গৰু হত্যা কৰা লোক চাৰিজন হৈছে খালুমন তামাং, খেমৰাজ ছেত্ৰী,ভীম তামাং আৰু সনম ছেত্ৰী।

এই চাৰিজনৰ ভিতৰত এখন নাবলক বুলি জানিব পৰা গৈছে। কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী উল্টাপানী বনাঞ্চলৰ অন্তৰ্গত সৰলপাৰাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। স্থানীয় ৰাইজৰ উত্তম মাধ্যমত আহত চাৰিওকে চিকিৎসাৰ বাবে আৰক্ষীয়ে চিকিৎসালয়লৈ নিয়ে। চাৰিওজনে দীর্ঘদিন ধৰি এই।জঘন্যকাণ্ড কৰি আহিছিল বুলি জানিব পৰা গৈছে।

ইফালে চাৰিওজনে নিজকে চোৰাং চিকাৰী বুলি জানিবলৈ দিয়ে। চাৰিওজনে হস্ত নিৰ্মিত।বন্দুকেৰে গৰু হত্যা কৰি চোৰাং বজাৰত হৰিণাৰ মাংস বুলি বিক্ৰী কৰি আহিছিল বুলি স্বীকাৰ কৰে। আৰক্ষীয়ে ধৃত চাৰিজনৰ কবলৰ পৰা এটা হস্ত নিৰ্মিত বন্দুক জব্দ কৰিছে। আৰক্ষীয়ে এই সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত।ৰাখিছে। আনফালে এই ঘটনাৰ পিছতে অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।