আব্দুল হক

নগৰবেৰা

১৭ জুলাই

কামৰূপ জিলাৰ নগৰবেৰাৰ কেইবাশ বানাক্ৰান্ত পৰিয়ালৰ মাজত সাহায্য বিতৰণ বিজেপি নেতাৰ। বিজেপি নেতা নিলোপম দাসে নগৰবেৰাৰ বানাক্ৰান্তৰ মাজত বিতৰণ কৰিলে খোৱা পানীৰ লগতে বিভিন্ন খাদ্য সামগ্ৰী। নগৰবেৰাত বানপানীয়ে ভয়াবহ ৰূপ ধাৰণ কৰাত আশ্ৰয় শিবিৰত বসবাস কৰিবলৈ বাধ্য হৈছে অঞ্চলটোৰ কেইবাশ পৰিয়াল।

উজনিৰ পৰা নামনিলৈকে ৰাজ্যত বানৰ বিভীষিকা। কৰ’ণা ভাইৰাছৰ তাণ্ডৱৰ মাজতে ৰাজ্যত বানপানীয়ে ভয়াবহ ৰূপ ধাৰণ কৰাত সমগ্ৰ ৰাজ্যতে সৃষ্টি হৈছে এক সাগৰ সদৃশ পৰিৱেশ। মহাবহু ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ সৰু-বৰ নৈ-উপনৈ সমূহ উফন্দি উঠাত বানৰ কবলত পৰা লোক সকল হাহাকাৰ কৰিব লগীয়া হৈছে। বলিয়া বানত ভেটি মাটি, ঘৰ ডুব যোৱাত বানাক্ৰান্ত ৰাইজ পথৰ কাষত নতুবা ওখ ঠাইত আশ্ৰয় লবলৈ বাধ্য হৈছে। কামৰূপ জিলাৰ নগৰবেৰাৰ বিভিন্ন অঞ্চলটো বানপানীয়ে জুৰুলা কৰিছে লাখ লাখ লোকক। তচনচ কৰিছে শ শ পৰিয়ালৰ ঘৰ-দুৱাৰ, নষ্ট কৰিছে কৃষি ভুমি।

সংকটৰ এই সময়ত নগৰবেৰাৰ বান প্ৰভাৱিত এলেকাৰ পৰিদৰ্শন কৰি বানাক্ৰান্ত ৰাইজৰ দুখ দুৰ্গতিৰ খবৰ ল’লে বিজেপি নেতা নিলোপম দাসে। বিজেপি নেতা গৰাকী দলীয় কৰ্মী সকলক লৈ ভুটভুটি নাৱৰে নগৰবেৰাৰ বান বিধ্বস্ত অঞ্চল সমূহ পৰিভ্ৰমণ কৰে। বৃহস্পতিবাৰে বিজেপিৰ নেতা গৰাকীয়ে নগৰবেৰাৰ হেকৰা, জামলাই, বিদ্যানগৰ, পাহাৰপাৰা, বদলা আদি বান প্ৰভাৱিত অঞ্চল পৰিভ্ৰমণ কৰি ওখ ভেটি, ৰাস্তাৰ কাষত আৰু বিভিন্ন আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা লোকসকলৰ বুজ লৈ তেওঁলোকৰ মাজত পানী, বিস্কুট, চিৰা, গুৰ আদি খাদ্য সামগ্ৰী বিতৰণ কৰে।

উল্লেখ্য যে, বৰ্তমানেও ৰাজ্যৰ ২৭ খন জিলাৰ ৩৯,৭৯,৫৬৩ গৰাকী লোক বানপানীৰ দ্বাৰা প্ৰভাৱিত হৈ আছে। বান প্ৰভাৱিত ২৭ খন জিলাৰ ৯৩ টা ৰাজহ চক্ৰৰ ৩,২১৮ খন গাঁও বৰ্তমানেও বাঢ়নী পানীৰ তলত আছে। ৰাজ্যৰ ১,৩১,৩৬৮.২৭ হেক্টৰ কৃষি ভূমি বানৰ কবলত পৰাৰ বিপৰীতে বানপানীৰ ফলত বৰ্তমানলৈকে মৃত্যু হৈছে ৭১ গৰাকীকৈ লোকৰ।