গুৱাহাটী, ১২ আগষ্ট, ২০২৩ : ৬৯ তম সৰ্বভাৰতীয় আন্তঃৰে’লৱে পুৰুষ আৰু মহিলা টেবুল টেনিছ চেম্পিয়নশ্বিপৰ (Table Tennis Championship) সফল সামৰণি। মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱৰ দ্বাৰা বিজয়ীসকলক পুৰস্কাৰ প্ৰদান। যোৱা ০৭ আগষ্টৰ পৰা আৰম্ভ হোৱা উত্তৰ-পূব সীমান্ত ৰে’লৱে ক্ৰীড়া সংস্থাৰ দ্বাৰা আয়োজিত ৬৯ তম সৰ্বভাৰতীয় আন্তঃ ৰেলৱে টেবল টেনিছ পুৰুষ আৰু মহিলা চেম্পিয়নশ্বিপৰ ১১ আগষ্টত সফল সামৰণি পৰে।

সামৰণি অনুষ্ঠানত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে এনএফআৰএছএৰ সভাপতি, অসম টেবল টেনিছ এছ’চিয়েচনৰ সচিব আৰু অন্যান্য জ্যেষ্ঠ বিষয়াবৰ্গৰ উপস্থিতিত বিজয়ীসকলক পুৰস্কাৰ আৰু ট্ৰফী প্ৰদান কৰে। এই টুৰ্ণামেন্টত সমগ্ৰ দেশৰ ভাৰতীয় ৰে’লৱেৰ বিভিন্ন জ’ন/পিএছইউৰ পৰা অহা মুঠ ১৬০ জন খেলুৱৈৰে গঠিত মুঠ ১২ টা পুৰুষ দল আৰু ০৭ টা মহিলা দল, আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী আৰু প্ৰশিক্ষক বিষয়াবৰ্গই বিভিন্ন শাখাত অংশগ্ৰহণ কৰে।

প্ৰতিযোগিতাখন পুৰুষ আৰু মহিলা টীম চেম্পিয়নশ্বিপ আৰু পুৰুষ আৰু মহিলা চিংগলচ হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছিল। পুৰুষ আৰু মহিলাৰ দুয়োটা টীম চেম্পিয়নশ্বিপত, দক্ষিণ-পূব ৰেলৱে চেম্পিয়ন হিচাপে পৰিগণিত হয়। আইচিএফ, চেন্নাইৰ ভি. কৌশিকাই পশ্চিম ৰেলৱেৰ অনুষা কুটুম্বলেক পৰাস্ত কৰি মহিলাৰ চিংগলচত চেম্পিয়নৰ খিতাপ লাভ কৰে। পুৰুষৰ চিংগলচত, অনিৰ্বাণ ঘোষে তেওঁৰ প্ৰতিদ্বন্দী আকাশ পালক পৰাস্ত কৰি চেম্পিয়ন হয়, দুয়োজন দক্ষিণ-পূব ৰেলৱেৰ খেলুৱৈ।

২০২০ টকিঅ’ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা আৰু বিশ্ব টেবুল টেনিছ মহিলা ডাবলছৰ বিজয়ী দক্ষিণ-পূব ৰেলৱেৰ সুতীৰ্থা মুখাৰ্জীৰ দৰে তাৰকা খেলুৱৈ আৰু পূব ৰেলৱেৰ ৰনিত ভাঞ্জা, দক্ষিণ-পূব ৰেলৱেৰ অনিৰ্বাণ ঘোষ, মেট্ৰ’ ৰেলৱেৰ পয়মন্তী বৈশ্য আৰু পশ্চিম ৰেলৱেৰ অনুষা কুটুম্বলেৰ দৰে অন্যান্য আন্তঃৰাষ্ট্ৰীয় খেলুৱৈসকল এই প্ৰতিযোগিতাত উপস্থিত আছিল।