গুৱাহাটী ৯ ছেপ্টেম্বৰঃ ভাৰতীয় জনতা পাৰ্টি অসম প্রদেশৰ মজদুৰ মৰ্চাৰ নৱ গঠিত সমিতিখনৰ প্ৰথমখন ৰাজ্যিক কাৰ্য্যনির্বাহক সভাখন গুৱাহাটীস্থিত অসম ৰাজ্যিক সংগ্ৰহালয়ৰ প্রেক্ষাগৃহত অনুষ্ঠিত হয়। বিজেপি মজদুৰ মৰ্চাৰ ৰাজ্যিক সভাপতি প্রাণ কুমাৰ দাস আৰু মৰ্চাৰ ৰাজ্যিক প্রভাৰী তথা বিজেপি অসম প্ৰদেশৰ সম্পাদক দেৱ প্ৰদীপ বৰাই পুৱা ১০ বজাত সভাৰ কাৰ্যসূচী মুকলি কৰে৷ আদৰণি ভাষণত প্ৰাণ কুমাৰ দাসে অসমৰ অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিক সকলৰ আর্থ-সামাজিক কল্যাণৰ বাবে কাম কৰাৰ লগতে ৰান্ধনী, বোৱনী, শিপিনী, নাপিত, মিস্ত্রী আদি খাটি খোৱা সকলো স্তৰৰ লোকক সামৰি তেওঁলোকৰ বিকাশৰ অৰ্থে মজদুৰ মৰ্চাৰ সকলো কাৰ্য্যকর্তাক কাম কৰিবলৈ আহ্বান জনায়। তেওঁ কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনক দুৰ্নীতিৰ বিৰুদ্ধে গ্রহণ কৰা পদক্ষেপে দেশখনৰ প্ৰগতিৰ ক্ষেত্ৰত নতুন মাত্রা দিছে বুলি উল্লেখ কৰি দুখীয়া আৰু খাটি খোৱা লোকসকলৰ বাবে মুকলি কৰা আঁচনিসমূহে ভাৰতক অনাগত দিনত এখন শক্তিশালী দেশ হিচাপে গঢ়িব বুলি আশা ব্যক্ত কৰে৷ সভাত ভাৰতীয় জনতা পাটি অসম প্ৰদেশৰ সভাপতি ৰণজিৎ কুমাৰ দাস উপস্থিত থাকি খাটি খোৱা লোকসকলৰ বিকাশ আৰু সমাজত সমান শ্রেণীত অনাটাে প্ৰথম লক্ষ্য বুলি উল্লেখ কৰে৷ তেওঁ পণ্ডিত দীনদয়াল উপাধ্যায়ৰ অন্ত্যোদিয়াৰ মাধ্যমে সমাজৰ অন্তিম শ্রেণীৰ লোকজনৰ বিকাশ ভাৰতীয় জনতা পাটিৰ লক্ষ্য, পথ আৰু সংকল্প বুলি মন্তব্য কৰে। দাসে মজদুৰ মৰ্চাৰ প্ৰতিজন কাৰ্য্যকর্তাৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ সমূহৰ কাৰ্যকর্তাক এইক্ষেত্ৰত কাম কৰিবলৈ আহ্বান জনায়। বিজেপি মজদুৰ মৰ্চাৰ কাৰ্য্যনির্বাহক সভাত দুটা প্রস্তাৱ সর্বসন্মতিক্রমে গ্রহণ কৰা হয়। প্ৰথমটাে ৰাজনৈতিক প্রস্তাৱত, অসমৰ খাটি খোৱা লোকসকলৰ বিকাশৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা জনকল্যানমূলক আঁচনিসমূহ ৰাইজৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰি ইয়াৰ সুবিধা জনসাধাৰণে যাতে লাভ কৰিব পাৰে তাৰ বাবে বিশেষ কৌশল ৰচনা কৰি দলে কাম কৰিব। শিক্ষিত শ্রমিকসকলক বর্তমান চৰকাৰে ঘোষণা কৰা দক্ষতা বিকাশ মিচনৰ জড়িয়তে শ্রমিকসকলৰ দক্ষতা বিকাশৰ ক্ষেত্ৰত গুৰুত্ব দি উন্নত শ্রমজীৱি কৰি তুলিবৰ বাবে মজদুৰ মৰ্চা প্রচেষ্টা চলাব। লগতে ৰাজ্যজুৰি সিঁচৰিত হৈ থকা মটৰ শ্রমিকসকলৰ বিভিন্ন সমস্যাৰাজিৰ ওপৰত গুৰুত্ব প্রদান কৰি তেওঁলোকক সামাজিক সুৰক্ষা আইনৰ অধীনত অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰক অনুৰােধ জনাই যকাৰ্য্যনির্বাহক সভাই প্রস্তাৱ গ্ৰহণ কৰে। দ্বিতীয়তে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে শ্রমিক কল্যাণ আৰু খাটি খোৱা লোকসকলৰ বাবে গ্রহণ কৰা উন্নয়ণমূলক আঁচনিৰ বাবে ধন্যবাদসূচক প্রস্তাৱ গ্ৰহণ কৰে। মজদুৰ মৰ্চাৰ কাৰ্য্যনির্বাহক সভাত অসম চৰকাৰৰ মন্ত্রী নৱ কুমাৰ দলে, পৰিমল শুক্লবৈদ্য, বিজেপি অসম প্ৰদেশৰ সাধাৰণ সম্পাদক মৃগাংক বৰ্মন, সম্পাদক ড০ অমিয় কুমাৰ ভূঞা, জ্যেষ্ঠ নাগৰিক উন্নয়ণ পৰিষদৰ অধ্যক্ষ হৰেকৃষ্ণ ভৰালী, অসম উদ্যোগিক বিকাশ নিগমৰ অধ্যক্ষ মিচন ৰঞ্জন দাস, সংখ্যালঘু উন্নয়ণ পৰিষদৰ অধ্যক্ষ চৈয়দ মুমিনুল আৱালৰ উপস্থিত থাকি মজদুৰ মৰ্চাৰ অনাগত দিনৰ কাৰ্য্যসূচী আৰু মৰ্চাৰ গঠনমূলক কামসমূহৰ ওপৰত বিতং আলোচনা কৰে।