গুৱাহাটী : ৰাজ্যৰ অন্যতম আগশাৰীৰ চিমেণ্ট ব্ৰেণ্ড ব্লেক টাইগাৰ চিমেণ্টে শেহতীয়াকৈ “টাইগাৰ ১০ কা দম” শীৰ্ষক এক উপভোক্তা আঁচনি লৈ আহিছে। এই আঁচনিখনে ব্লেক টাইগাৰ চিমেণ্টৰ প্ৰতিটো বেগত নগদ ১০ টকাৰ পুৰস্কাৰ আৰু লগতে ভাগ্যৱান গ্ৰাহক সকলৰ বাবে মটৰ চাইকেল, ৱাছিং মেচিন আৰু অন্যান্য বিভিন্ন আকৰ্ষণীয় পুৰস্কাৰ জিকাৰ সম্ভাৱনা নিশ্চিত কৰিছে।

উল্লেখ্য যে দুমাহ আগতে আৰম্ভ হোৱা “টাইগাৰ ১০ কা দম” আঁচনিখন ইতিমধ্যে উত্তৰ-পূবৰ বজাৰৰ বহুতো গ্ৰাহকৰ বাবে ভাগ্যৱান প্ৰমাণিত হৈছে। শেহতীয়াকৈ, মাজুলী জিলাৰ গগন পামেগামে মেচাৰ্ছ পি এ মেগাম হাৰ্ডৱেৰৰ পৰা ব্লেক টাইগাৰ চিমেণ্ট বেগ ক্ৰয় কৰিছিল আৰু এখন মটৰ চাইকেল লাভ কৰিবলৈ সক্ষম হৈছে। গোল্ডষ্টোন চিমেণ্ট লিমিটেডৰ পৰিচালন সঞ্চালক সঞ্জয় কুমাৰ গুপ্তাই কয়, “টাইগাৰ-১০ কা দম’ৰ এই নতুন উপভোক্তা আঁচনিখন মুকলি কৰি আমি অতি আনন্দিত।

উপভোক্তা আঁচনিৰ আঁৰৰ ধাৰণাটো হ’ল ব্লেক টাইগাৰ চিমেণ্ট ব্ৰেণ্ডৰ প্ৰতি গ্ৰাহকৰ আনন্দ, সন্তুষ্টি আৰু আনুগত্য সৃষ্টি কৰা। সঞ্জয় কুমাৰ গুপ্তাই লগতে কয় যে আৰম্ভণিৰ পৰা আজিলৈকে ব্লেক টাইগাৰ চিমেণ্টে অসম আৰু উত্তৰ-পূৱৰ লোক সকলৰ পৰা সদায় প্ৰচুৰ মৰম আৰু সঁহাৰি লাভ কৰি আহিছে, আৰু “টাইগাৰ-১০ কা দম” হৈছে ইয়াৰ প্ৰতিদান দিয়া আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ বাবে আমাৰ এক সামান্য প্ৰয়াস। গ্ৰাহক সকলে কেৱল মটৰ চাইকেলেই নহয়, টেলিভিছন ছেট, ৰেফ্ৰিজেৰেটৰ আৰু আন বহুতো ৰোমাঞ্চকৰ উপহাৰ জিকাৰো সুযোগ লাভ কৰিছে।

তদুপৰি, “টাইগাৰ-১০ কা দম” আঁচনিৰ প্ৰতিটো ব্লেক টাইগাৰ চিমেণ্টৰ বেগতেই একোটিকৈ নিশ্চিত উপহাৰ আছে, যাৰ ফলস্বৰূপে ব্ৰেণ্ডটোৰ গ্ৰাহকসকলে সমগ্ৰ অঞ্চলটোত এই পদক্ষেপৰ প্ৰশংসা কৰিছে বুলিও তেওঁ কয়। “টাইগাৰ ১০ কা দম” আঁচনিৰ বিজয়ী সকলে কয় যে তেওঁলোকে লাভ কৰা বিজয়ী কুপনবোৰ তেওঁলোকে নিৰ্মাণৰ কামৰ বাবে ক্ৰয় কৰা ৫০০ চিমেণ্টৰ বেগৰ ভিতৰতে আছিল। বিজয়ী সকলে লগতে কয় যে ৱাছিং মেচিনৰ উপৰিও তেওঁলোকে “টাইগাৰ ১০ কা দম” আঁচনিৰ জৰিয়তে আন কেইবাটাও উপহাৰ আৰু নগদ পুৰস্কাৰ লাভ কৰিছে।

উল্লেখ্য যে “টাইগাৰ ১০ কা দম” প্ৰচাৰৰ অংশ হ’বলৈ, সকলো গ্ৰাহকে প্ৰমোৰ সময়ত ব্লেক টাইগাৰ চিমেণ্টৰ যিকোনো প্ৰমো বেগ ক্ৰয় কৰিব লাগিব, বেগত সুমুৱাই দিয়া কুপনটো বাছনি কৰিব লাগিব আৰু তেওঁলোকৰ নিকটতম ব্লেক টাইগাৰ চিমেণ্ট ৰিটেইলাৰৰ পৰা নগদ ধন আৰু অন্যান্য নিশ্চিত পুৰষ্কাৰ সংগ্ৰহ কৰিব লাগিব। ব্লেক টাইগাৰ চিমেণ্ট হৈছে গোল্ডষ্টোন চিমেণ্টছ লিমিটেডৰ (জিএছচিএল) এক ফ্লেগশ্বিপ ব্ৰেণ্ড। ব্লেক টাইগাৰ চিমেণ্ট উত্তৰ-পূব ভাৰতৰ শীৰ্ষস্থানীয় নিৰ্মাতা আৰু ব্ৰেণ্ড।