গুৱাহাটী : মহানগৰী গুৱাহাটীৰ ভঙাগড়ত বিধ্বংসী অগ্নিকাণ্ড। ভঙাগড় উৰণীয়া সেঁতুৰ তলত বিধ্বংসী অগ্নিকাণ্ড। উৰণীয়া সেঁতুৰ তলত থকা এখন হোটেলত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ড। কিছুদিন পূৰ্বে নতুনকৈ হোটেলখন মুকলি কৰা হৈছিল। হোটেলখন সম্পূৰ্ণৰূপে জুইত জাহ যায়।

শনিবাৰে পুৱাৰ ভাগতে মহানগৰী গুৱাহাটীৰ ভঙাগড়ত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। ভঙাগড় উৰণীয়া সেঁতুৰ তলত নতুনকৈ মুকলি কৰা এখন হোটেলত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ড। হোটেলখনত থকা তিনিটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত মুহুৰ্তৰ ভিতৰতে জুইৰ লেলিহান শিখাই হোটেলখনৰ চাৰিওফালে বিয়পি পৰে।

জুইৰ লেলিহান শিখাৰ ভয়ংকৰ ৰূপ দেখি অঞ্চলটোৰ ৰাইজ আতংকিত হৈ পৰে। ৰাইজে আৰক্ষীক খবৰ দিয়াত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলায়। অগ্নি নিৰ্বাপক বাহিনীৰ ৮ খনকৈ গাড়ীয়ে দীর্ঘসময় প্ৰচেষ্টা চলাই অৱশেষত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

অগ্নিকাণ্ডত নতুনকৈ মুকলি কৰা হোটেলখন সম্পূৰ্ণৰূপে জাহ যায়। অগ্নিকাণ্ডত ১০ লাখতকৈও অধিক টকাৰ সম্পত্তি ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও ৰন্ধন গেছৰ চিলিণ্ডাৰৰ পৰা জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত অঞ্চলটোৰ বহু দোকান জুইত জাহ যোৱাৰ পৰা ৰক্ষা পৰে।