ধুবুৰী : ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ নাও দুর্ঘটনা (Boat Capsizes)। ব্ৰহ্মপুত্ৰ নদীৰ বুকুত সংঘটিত হৈছে এই ভয়ংকৰ নাও দুর্ঘটনা। নাওখনত আছিল প্ৰায় ৮০ জনকৈ যাত্ৰী। সন্ধানহীন হৈ আছে ২০ জনতকৈও অধিক লোক।

ব্ৰহ্মপুত্ৰ নদীৰ বুকুত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ নাও দুর্ঘটনা। ধুবুৰীত ব্ৰহ্মপুত্ৰ নদীত ডুব গৈছে এখন যাত্ৰীবাহী নাও। ব্ৰহ্মপুত্ৰ নদীত ডুব যোৱা নাওখনত প্ৰয়া ৮০ জনকৈ যাত্ৰীৰ লগত আছিল ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাস আৰু চক্ৰ বিষয়া কাৰ্যালয়ৰ কেইবাজনো কৰ্মচাৰী।

ধুবুৰীৰ ফুলবাৰী দলংৰ সমিপত ব্ৰহ্মপুত্ৰ নদীৰ বুকুত নাওখন ডুব যোৱাত ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাসৰ লগতে ২০ জনকতকৈও অধিক লোক সন্ধানহীন হোৱা বুলি জানিবলৈ দিয়ে স্থানীয় লোকে। জানিব পৰা মতে নাওখন আমিনেৰ চৰৰ পৰা ধুবুৰী অভিমুখে আহি থকা অৱস্থাত ধুবুৰী-ফুলবাৰী দলংৰ নিৰ্মাণ কাৰ্য চলি থকা ঠাইত ডুব যায়।

নাওখন ধুবুৰী অভিমুখে আহি থকা অৱস্থাত হঠাৎ ব্ৰহ্মপুত্ৰ নদীত নিয়ন্ত্ৰণ হেৰুৱাই ডুব যায়। নাওখন নদীত ডুব যোৱাৰ লগে লগে বহু লোক নদীৰ বুকুত সন্ধানহীন হৈ পৰে। জানিব পৰা মতে বৰ্তমানলৈকে দুজন লোকক নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰা হৈছে।

ইফালে ব্ৰহ্মপুত্ৰ নদীৰ বুকুত নাও ডুব যোৱাৰ খবৰ পাই দুর্ঘটনাস্থলীত জিলা উপায়ুক্ত , আৰক্ষী অধীক্ষক উপস্থিত হৈছে। দুর্ঘটনাস্থলীত এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দলো উপস্থিত হৈছে ব্ৰহ্মপুত্ৰ নদীৰ বুকুত সন্ধানহীন হৈ থকা লোক সকলক উদ্ধাৰ কৰাৰ বাবে অভিযান আৰম্ভ কৰিছে।