গুৱাহাটী : বুধবাৰৰ দিনটোত তিনিটাকৈ ৱিকেটৰ পতন ঘটিল (Three Government Officer Caught)। প্ৰথমটো ৱিকেট পৰে হাইলাকান্দিৰ উৎপল কুমাৰ নাথৰ, দ্বিতীয়টো পৰে গুৱাহাটীৰ মিঞাচান্দ আলীৰ আৰু তৃতীয়টো ৱিকেট পৰে মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী চকীৰ বিষয়া অম্বিক কুমাৰ নাথৰ। দুৰ্নীতি নিবাৰক শাখাই বুধবাৰৰ দিনটোত তিনিটাকৈ ৱিকেটৰ পতন ঘটায়।

দুৰ্নীতিৰ বিৰুদ্ধে অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক শাখাৰ ধাৰাবাহিক অভিযান অব্যাহত আছে। ইতিমধ্যে কেইবাজনো দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত জালত পৰিছে। উৎকোচ লৈ থকা অৱস্থাত হাতে লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰি কেইবাজানো চৰকাৰী বিষয়া ৰঙা ঘৰৰ ভাত খাবলগীয়া হৈছে। ইয়াৰ মাজতো একাংশ দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীয়ে চলাই গৈছে দুৰ্নীতিৰ বজাৰখন।

বুধবাৰৰ দিনটোত দুৰ্নীতিৰ বজাৰ চলাই থকা তিনিজনকৈ চৰকাৰী কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত জালত পৰে। উৎকোচ লৈ থকা অৱস্থাত প্ৰথমে হাতে লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে উৎপল কুমাৰ নাথ নামৰ এজন চৰকাৰী কৰ্মচাৰী। হাইলাকান্দিৰ ভূমি বন্দোবস্তি কাৰ্যালয়ত কৰ্মৰত আছিল উৎপল কুমাৰ নাথ। ভূমি বন্দোবস্তিৰ প্ৰমাণ পত্ৰৰ কামৰ বিনিময়ত উৎকোচ লৈ থকা অৱস্থাত জালত পৰে উৎপল কুমাৰ নাথ।

উৎপল কুমাৰ নাথ জালত পৰাৰ পিছতে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান চলে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত এজন কৰ্মচাৰী উৎকোচ লৈ জালত পৰে দুৰ্নীতি নিবাৰক শাখাৰ। মিঞাচান্দ আলী নামৰ অসম আৰক্ষীৰ নায়কজনে বিলৰ কাম কৰাৰ বিনিময়ত ধন দাবী কৰিছিল। বুধবাৰে বিলৰ কামৰ কৰাৰ বাবে দাবী কৰা ধন লৈ থকা অৱস্থাত হাতে লোটে ধৰা পৰে।

ইয়াৰ পিছতে দুৰ্নীতি নিবাৰক শাখাৰ তৃতীয়টো দুৰ্নীতি বিৰোধী অভিযান চলে মৰিগাঁও জিলাৰ লাহৰীঘাটত। লাহৰীঘাট আৰক্ষী চকীৰ বিষয়া অম্বিক কুমাৰ নাথক উৎকোচ লৈ থকা অৱস্থাত হাতে লোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই। লাহৰীঘাট আৰক্ষী চকীত ৰুজু হোৱা এটা গোচৰৰ তদন্তৰ নামত এজন লোকৰ পৰা আৰক্ষী বিষয়া অম্বিক কুমাৰ নাথে ধন দাবী কৰিছিল। বুধবাৰে দাবী কৰা উৎকোচৰ ধন লৈ থকা অৱস্থাত আটক হয় অম্বিক কুমাৰ নাথ।