আজিজ আলী

গুৱাহাটী : পাগলাদিয়া নৈত উটি গ’ল দুখনকৈ নাও। নাও খেল প্ৰতিযোগিতা চলি থকাৰ মাজতে হঠাৎ পাগলাদিয়া নৈত উটি যায় দুখনকৈ নাও। নাও দুখনৰ খেলুৱৈ সকলক অন্য নাৱৰে উদ্ধাৰ। পুনৰ অনুষ্ঠিত কৰা হ’ব নাও খেল প্ৰতিযোগিতা। 

নলবাৰী জিলাৰ মুকালমুৱাৰ আদাবাৰীত পাগলাদিয়া নৈত অনুষ্ঠিত হয় নাও খেল প্ৰতিযোগিতা। পাগলাদিয়া নৈত পৰম্পৰাগত নাও খেল চলি থকা মাজতে হঠাৎ পাগলাদিয়া নৈত দুখনকৈ নাও উটি যায় যদিও ৰক্ষা পৰে নাও দুখনৰ খেলুৱৈ সকল।

প্ৰবল বৰষুণ আৰু আন্ধাৰৰ বাবে স্থগিত ৰাখিব লগীয়া হয় প্ৰতিযোগিতাখন। প্ৰবল বৰষুণকো নেওচি পাগলাদিয়া নৈৰ পাৰত নাও খেল চাবলৈ সমাগম হয় হাজাৰ হাজাৰ দৰ্শকৰ। সজাগতা যুৱ মঞ্চৰ উদ্যোগত আৰু আদাবাৰী-সূতাৰকুছি গাঁৱৰ ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা হয় এই নাও খেল প্ৰতিযোগিতাখন।

পাগলাদিয়া নৈত অনুষ্ঠিত কৰা নাও খেল প্ৰতিযোগিতাখনত ভিন্ন প্ৰান্তৰ ৯ টাকৈ নাও অংশগ্ৰহণ কৰে। বৰষুণ আৰু আন্ধাৰৰ বাবে স্থগিত ৰখা নাও খেল প্ৰতিযোগিতাখন পৰৱৰ্তী সময়ত পুনৰ অনুষ্ঠিত কৰিব বুলি জানিব দিয়ে উদ্যোগতা সমিতিয়ে। নাও খেলৰ প্ৰতিযোগিতাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন।