মানকাচৰ : দেশ স্বাধীনৰ ৭৫ বছৰ সম্পন্ন হোৱা উপলক্ষে দেশজুৰি পালন কৰা হৈছে আজাদী কা অমৃত মহোৎসৱ। স্বাধীন ভাৰতৰ প্ৰতিজন নাগৰিকে উলহ মালহেৰে তিনিদিনীকৈ ঘৰে ঘৰে পতাকা উত্তোলন কৰি এইবাৰ স্বাধীনতা দিৱস উদযাপনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশবাসীক আহ্বান। “হৰ ঘৰ ত্ৰিৰঙ্গা” আঁচনি সফল ৰূপায়নৰ বাবে দেশৰ প্ৰতিটো প্ৰান্তৰ লগতে অসমতো চলিছে ব্যপক প্ৰস্তুতি আৰু আয়োজন।

অসমত বিশেষকৈ অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ জৰিয়তে আত্ম সহায়ক গোট সমূহে প্ৰতিখন জিলাত ত্ৰিৰঙ্গা প্ৰস্তুত কৰি সুলভ মূল্যত ৰাষ্ট্ৰীয় পতাকা বিক্ৰীৰ বাবে ত্ৰিৰঙ্গা বিক্ৰী কেন্দ্ৰ স্থাপন কৰিছে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰতো এতিয়ালৈকে মুঠ ৪২ খন গাঁও পঞ্চায়তৰ ভিতৰত ৩৭ খন গাঁও পঞ্চায়তত ত্ৰিৰঙ্গা বিক্ৰী কেন্দ্ৰ মুকলি কৰা হৈছে। ইতিমধ্যে জিলাখনত প্ৰায় ৩০ হেজাৰ ত্ৰিৰঙ্গা বিক্ৰী কৰা হৈছে।

ইফালে হাটশিঙিমাৰী জিলা জলসিঞ্চন বিভাগৰ শাখা সহায়ক নাজিৰ হুছেইনৰ নেতৃত্বত ১৩ জনীয়া জলসিঞ্চন বিভাগৰ কৰ্মচাৰীৰ এটা দল মানকাচৰৰ ৫০০ কৃষকক ত্ৰিৰঙ্গা বিতৰণ কৰি প্ৰসংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। জলসিঞ্চন বিভাগৰ কৰ্মচাৰী কেইজনে জিলাখনৰ অসম-মেঘালয় সীমান্তৱৰ্তী এলেকাত থকা পথাৰে পথাৰে গৈ কৃষকৰ হাতে হাতে ৰাষ্ট্ৰীয় পতাকা বিতৰণ কৰি ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ পতাকা উত্তোলন কৰি ৰাখিবলৈ কৃষকক আহ্বান জনায়।

মঙলবাৰে পুৱাৰে পৰা চৰকাৰী কৰ্মচাৰী কেইজনে ত্ৰিৰঙ্গা পতাকা সমূহ কৃষকক বিতৰণ কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে। চৰকাৰৰ হৰ ঘৰ ত্ৰিৰঙ্গা আঁচনি সফল কৰি তুলিবলৈ হাটশিঙিমাৰী জলসিঞ্চন বিভাগৰ শাখা সহায়ক নাজিৰ হুছেইনে এই পদক্ষেপ গ্ৰহণ কৰা বুলি মত প্ৰকাশ কৰে। কৃষক সকলে পথাৰত কাম কৰিবলৈ গৈ সময়মতে বজাৰত যাব নোৱাৰে। ফলত তেওঁলোক ত্ৰিৰঙ্গা কিনাত যাতে কোনো অসুবিধাৰ নহয় তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি নাজিৰ হুছেইনে জানিবলৈ দিয়ে।