গৰৈমাৰী : কলহী নৈৰ দুয়োপাৰে হাজাৰ হাজাৰ মানুহৰ ভিৰ। শুকুৰবাৰে লোকে লোকাৰণ্য হৈ পৰে কলহী নৈৰ দুয়োপাৰ। এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হয় কলহী নৈৰ দুয়োপাৰে। শনিবাৰে অধিক লোকৰ সমাগম ঘটনাৰ সম্ভাৱনা কলহী নৈৰ পাৰত।

শুকুৰবাৰে বিয়লি ভাগত বকো সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীৰ চাম্পুপাৰাৰ কলহী নৈৰ দুয়োপাৰে হাজাৰ হাজাৰ লোক আহি উপস্থিত হয়। নৈৰ দুয়ো পাৰে সৃষ্টি হয় এক উদুলি মুদলি পৰিৱেশ। কলহী নৈত পৰম্পৰাগত নাও খেল অনুষ্ঠিত কৰাক লৈ নৈৰ দুয়োপাৰে হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে। শুকুৰবাৰে কলহী নৈত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় পৰম্পৰাগত নাও খেল প্ৰতিযোগিতা।

উদুলি মুদলি পৰিৱেশৰ মাজত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই ৰাজ্যিক ভিত্তিক নাও খেল প্ৰতিযোগিতা নামনি অসমৰ বিভিন্ন প্ৰান্তৰত কেইবাখনো নাও অংশগ্ৰহণ কৰে। নাও খেল প্ৰতিযোগীতাখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ছয়গাঁও আৰক্ষী থানাৰ আৰক্ষী বিষয়া ভগৱান ডেকা, জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিত ডেকা, সমাজকৰ্মী নছিম উদ্দিন আহমেদ লগতে কেইবাজনো গন্যমান্য ব্যক্তি।

চাম্পুপাৰা, তামুলদি, কলহীকাষ আঞ্চলিক নাওখেল কমিটিৰ উদ্যোগত আজাদী কা অমৃত মহোৎসৱ উপলক্ষে চাম্পুপাৰাত এই নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উল্লেখ্য যে কলহী নৈৰ বুকুত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি প্ৰতিবছৰে নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। পৰম্পৰাগত এই নাও খেল
প্ৰতিযোগিতাখনত মুঠ ১৮ খন দলে অংশগ্ৰহণ কৰিছে।

পৰম্পৰাগত নাও খেল প্ৰতিযোগিতাখনৰ প্ৰথম দিনা কেইবাখনো নাও অংশগ্ৰহণ কৰে। শনিবাৰে বিয়লি ভাগত প্ৰতিযোগিততাখনৰ চূড়ান্ত খেল অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাৰ অন্তত বটাঁ বিতৰণী অনুষ্ঠানত উপস্থিত থাকিব ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ লগতে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস‌।