ধুবুৰী : দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল চৰকাৰী কৰ্মচাৰী। পুনৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল এজন চৰকাৰী কৰ্মচাৰী।

দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ ধাৰাবাহিক অভিযান। ইজনৰ পিছত সিজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ জালত। বিগত কিছুদিন ধৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই কেইবাজনো দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীক জালত পেলাবলৈ সক্ষম হৈছে।

এইবাৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল সৰ্বশিক্ষা অভিযান মিচনৰ এজন কৰ্মচাৰী। ধুবুৰী জিলা সৰ্বশিক্ষা অভিযান মিচনৰ আজহাৰুল ইছলাম নামৰ এজন বিষয়া উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে। উৎকোচ লৈ থকা অৱস্থাত হাতে লোটে গ্ৰেপ্তাৰ হয় ধুবুৰী জিলা সৰ্বশিক্ষা অভিযান মিচনৰ বিষয়া আজহাৰুল ইছলাম। এজন কৰ্মচাৰীৰ দৰমহা মোকোলাই দিয়াৰ নামত উৎকোচ দাবী কৰিছিল আজহাৰুল ইছলামে।

ধুবুৰী জিলা সৰ্বশিক্ষা অভিযান মিচনৰ বিষয়া আজহাৰুল ইছলামে দৰমহা মোকোলাই দিয়া বাবে উৎকোচ দাবী কৰা লোকজনে দুৰ্নীতি নিবাৰক শাখাত অভিযোগ দাখিল কৰিছিল। লোকজনৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে অতি কৌশলেৰে জাল পেলাই উৎকোচ লৈ থকা অৱস্থাত আজহাৰুল ইছলামক হাতে লোটে গ্ৰেপ্তাৰ কৰে। ধুবুৰী চহৰৰ ১ নং ৱাৰ্ডৰ মা মনসা মন্দিৰৰ সমীপত থকা এটা চাহৰ দোকানত উৎকোচ লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ হয় আজহাৰুল ইছলাম।

অভিযান সন্দৰ্ভত দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে সাংবাদিকৰ আগত কোনো ধৰণৰ মন্তব্য প্ৰকাশ নকৰে। উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা ধুবুৰী জিলা সৰ্বশিক্ষা অভিযান মিচনৰ বিষয়া আজহাৰুল ইছলাম গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ বাসিন্দা। ধুবুৰী চহৰৰ সমীপৰ ঝগৰাৰপাৰত নিজা গৃহ নিৰ্মাণ কৰি বসবাস কৰি আছিল আজহাৰুল ইছলাম।