বোকাজান : বোকাজান আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ বৃহৎ সাফল্য। বিগত সময়ছোৱাত ড্ৰাগছ বিৰোধী অভিযান চলাই কেইবাটাও বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হোৱা বোকাজান আৰক্ষীয়ে দেওবাৰে পুৱাৰ ভাগত পুনৰ এক বৃহৎ সাফল্য লাভ কৰিছে। এখন বাহনৰ পৰা ১ কেজি ড্ৰাগছ জব্দ কৰি দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে বোকাজান আৰক্ষীয়ে।

অসম আৰক্ষীৰ ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ মাজতো অসমৰ মাজেৰে ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলাই আছে ড্ৰাগছ সৰবৰাহকাৰী সকলে। পুনৰ অসমৰ মাজেৰে ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলাই জালত পৰিছে দুজন ড্ৰাগছ সৰবৰাহকাৰী। কাৰ্বি আংলং জিলাৰ বোকাজান আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সৰবৰাহকাৰী দুজন।

এক গোপন খবৰৰ ভিত্তিত বোকাজান আৰক্ষীয়ে দেওবাৰে পুৱাৰ ভাগত ড্ৰাগছ বিৰোধী অভিযান চলাই এখন বাহনৰ পৰা ১ কেজি ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। ডব্লিউবি-৭৪-পি-৪৪৫৬ নম্বৰৰ এখন চুইফট গাড়ীত তালাচী চলাই বোকাজান আৰক্ষীয়ে জব্দ কৰে এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি। চুইফট গাড়ীখনৰ চিটৰ তলত দুজন ড্ৰাগছ সৰবৰাহকাৰীয়ে লুকুৱাই আনিছিল ড্ৰাগছখিনি।

ডিমাপুৰৰ পৰা চলমন থুৱেৰ আৰু চিমন থুৱেৰ নামৰ ড্ৰাগছ সৰবৰাহকাৰী দুজনে অতি কৌশলেৰে চিটৰ তলত ৭৪ টা চাবোনৰ বাকচত ড্ৰাগছখিনি লুকুৱাই আনিছিল। জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য ৮ কোটি টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে। ড্ৰাগছ সৰবৰাহকাৰী দুজনক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে বোকাজান আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।