গুৱাহাটী : বলীউদৰ প্ৰতিষ্ঠিত ফেশ্বন ফটোগ্ৰাফাৰ ডাবু ৰত্নানীৰ তত্ত্বাৱধানত গুৱাহাটীৰ ড্রিম হাউছ মিউজিক এণ্ড ফিল্ম একাডেমীত এক ফেশ্বন ফটোগ্রাফী কর্মশালা অনুষ্ঠিত হৈ যায়। এই কৰ্মশালাত অংশগ্ৰহণ কৰি বিশিষ্ট ফটোগ্ৰাফাৰ গৰাকীয়ে ফটোগ্ৰাফীৰ বাবে প্রয়োজনীয় কঠোৰ সাধনা, পৰিশ্ৰম তথা ধৈর্যৰ বিষয়ে উল্লেখ কৰে আৰু নিজৰ জীৱনৰ বিভিন্ন পৰিঘটনা সম্পর্কেও অৱগত কৰে।

উল্লেখ্য যে ডাবু ৰত্নানী হৈছে দেশৰ তাৰকা আৰু ফেশ্বন ফটোগ্ৰাফীৰ আন এক নামস্বৰূপ। বলীউদত ২৫ বছৰৰ সুদীৰ্ঘ অভিজ্ঞতাৰে পুষ্ট এইগৰাকী ফটোগ্ৰাফাৰৰ বছৰেকীয়া কেলেণ্ডাৰৰ বাবে প্ৰতিবছৰেই মনোৰঞ্জন জগতে অধীৰভাৱে অপেক্ষা কৰি থাকে। এই কর্মশালা সন্দৰ্ভত মন্তব্য কৰি ড্ৰীম হাউছ প্ৰডাকশ্যনৰ সঞ্চালিকা নীতা শৰ্মাই কয় যে এই কৰ্মশালাৰ একমাত্ৰ উদ্দেশ্য তথা লক্ষ্যই হৈছে ফেশ্বন ফটোগ্ৰাফীৰ প্ৰতি আগ্ৰহী ফটোগ্ৰাফাৰ সকলক উদ্বুদ্ধ কৰাৰ উপৰি তেওঁলোকক সঠিক পথ প্ৰদৰ্শন কৰা।

তেওঁ লগতে কয়, “অন্যান্য পৰিৱেশ্য কলাৰ লগতে ফেশ্বন ফটোগ্রাফী ক্ষেত্ৰতো উত্তৰ-পূৱত যথেষ্ট প্ৰতিভা আছে, আৰু সেই বাবেই দেশৰ আটাইতকৈ চৰ্চিত ফটোগ্ৰাফাৰ গৰাকীৰ পৰা প্ৰত্যক্ষভাৱে ফটোগ্ৰাফী শিকাৰ এক অনুভৱ প্ৰদান কৰাৰ বাবেই এই কর্মশালা আয়োজন কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল।” ইফালে ডাবু ৰত্নানীয়ে গুৱাহাটীত উপস্থিত হৈয়েই কয় যে যিকোনো উদীয়মান ফটোগ্ৰাফাৰৰ বাবেই অসম প্ৰাচুৰ্য্যৰে ভৰপুৰ।

তেওঁ লগতে কয় যে গুৱাহাটীৰ এই ড্রিম হাউছ মিউজিক এগু ফিল্ম একাডেমীলৈ তেওঁ অসম তথা উত্তৰ-পূৱৰ প্ৰতিভাসম্পন্ন ফটোগ্ৰাফাৰ আৰু উদীয়মানম ডেলসকলৰ সৈতে কৰ্মশালা অনুষ্ঠিত কৰিবৰ বাবে আহি থাকিব। উল্লেখ্য যে গুৱাহাটীৰ জু-ৰোডস্থিত গুৱাহাটী চেণ্ট্ৰেলৰ ৪ র্থ মহলাত ১৫০০০ বর্গফুট এলেকাত আছে এই ড্রিম হাউছ মিউজিক এণ্ড ফিল্ম একাডেমীৰ গুৱাহাটী কেন্দ্ৰটো।

কৰ্মশালাৰ সমাপ্তিত অংশগ্রহণ কাৰী সকলক ড্রিম হাউছ মিউজিক এন্ড ফিল্ম একাডেমীৰ তৰফৰ পৰা একোখনকৈ প্ৰমাণপত্ৰও প্ৰদান কৰা হয়। ড্রিম হাউছ মিউজিক এণ্ড ফিল্ম একাডেমীৰ মাধ্যমেৰে শৈক্ষিক ক্ষেত্ৰতো সবল খোজ পেলাইছে। বিভিন্ন পৰিৱেশ্য কলাৰ লগতে কাৰিকৰী শিক্ষা যেনে ফিল্ম এণ্ড টেলিভিছন প্রডাকশান, সাংবাদিকতা আৰু গণসংযোগ, ফেশ্বন আৰু টেটাইলছ ডিজাইন আদিৰো শিক্ষা প্ৰদান কৰা হ’ব এই শিক্ষানুষ্ঠানখনত। উল্লেখ্য যে প্রতিষ্ঠানখনৰ মুখ্য কাৰ্যালয় আছে নয়দাত।