বৰহাট, ২ ডিচেম্বৰঃ চৰাইদেউ জিলাৰ বৰহাটত আজি ত্তাঈ সাহিত্য সংস্কৃতি পৰিষদৰ বৰহাট আঞ্চলিক সমিতিৰ উদ্যোগত ছ্যু-কা-ফা সমন্বয় ক্ষেত্ৰ বৰহাট ত্তাঈ কলা কৃষ্টি কেন্দ্ৰত ছু-কা-ফা দিৱস অনুস্থিত হয়। ত্তাঈ সাহিত্য সংস্কৃতি পৰিষদ বৰহাট আঞ্চলিক সমিতিৰ সম্পাদক সুৰেণ বুঢ়াগোঁ‌হাইয়ে আঁ‌ত ধৰা অনুস্থানত ত্তাঈ সাহিত্য সংস্কৃতি পৰিষদৰ কেন্দ্ৰীয় সভাপতি পবিত্ৰ মোহন ফুকন, কেন্দ্ৰীয় সম্পাদক ৰুস্তম গগৈ, বৰহাট আঞ্চলিক সমিতিৰ সভাপতি নৱজ্যোতি খনিকৰ আৰু বৰহাটৰ বিভিন্ন প্ৰান্তৰ ভালে সংখ্যক ব্যক্তি উপস্থিত থাকে। কেন্দ্ৰীয় সভাপতি পবিত্ৰ মহন ফুকনে ম্যুঙ্-দ্যুন্-খাম্ অৰ্থাৎ বৰ অসমৰ ভেটি গঢ়োতা চাও ল্যুঙ্ ছ্যু-কা-ফাৰ আগমনৰ লগতে তেখেতৰ বীৰত্ব তথা তেখেতৰ ৰণনীতি আৰু মিলাপ্ৰীতি সম্পৰ্কে বক্তব্য প্ৰদান কৰি ১০১ গছি বন্তি প্ৰজ্বলন কৰি স্বৰ্গদেউ ছ্যু-কা-ফাক শ্ৰদ্ধাৰে সোৱঁ‌ৰণি জনায়।