ৰঙিয়া : ৰঙিয়াত দুর্ঘটনাত পতিত বিটিআৰ’ৰ মুৰব্বী প্ৰমোদ বড়োৰ কনভয়। দুর্ঘটনাত এজন আৰক্ষীৰ জোৱান নিহত হোৱাৰ লগতে আহত হয় তিনিজনকৈ লোক। নিহত আৰক্ষী জোৱানজনৰ নাম ৰাজু কলিতা।

মঙলবাৰে নিশা বিটিআৰ’ৰ মুৰব্বী প্ৰমোদ বড়োৰ কনভয় এক পথ দুর্ঘটনাত পতিত হয়। পথ দুর্ঘটনাটোত ৰাজু কলিতা নামৰ এজন আৰক্ষীৰ জোৱান থিতাতে নিহত হয় আৰু তিনিজকৈ লোক আহত হয়।

নিশা তামুলপুৰৰ পৰা ৰঙিয়ালৈ আহি থকা সময়ত বিটিআৰ’ৰ মুৰব্বী প্ৰমোদ বড়োৰ কনভয়ৰ এখন বাহন নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে। ফলত ৰাজু কলিতা নামৰ আৰক্ষী জোৱানজনৰ মৃত্যু হোৱাৰ লগতে ব্ৰজেন ৰাজবংশী, উৎপল পাটগিৰি আৰু প্ৰকাশ বড়ো নামৰ তিনিজন লোক আহত হয়।

আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আনহাতে এই পথ দুৰ্ঘটনাত বিটিআৰ’ৰ মুৰব্বী প্ৰমোদ বড়োৰ বাহনৰ কোনো ধৰণৰ ক্ষতি হোৱা নাই। ৰঙিয়াৰ ১১ মাইলত এই পথ দুর্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।