আজিজ আলী

নলবাৰী : নলবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এজন নিচাসক্ত যুৱকে দাৰে ঘপিয়াই হত্যা কৰে পিতৃক। নিচাসক্ত যুৱকজনৰ দাৰ আক্ৰমণত আহত হয় ভাতৃ। পিতৃ আৰু ভাতৃক দাৰে আক্ৰমণৰ কৰা যুৱকজনে বিষ পান কৰি আত্মহত্যাৰ চেষ্টা চলায়।

নলবাৰী জিলাৰ দিহজাৰী গাঁৱৰ লক্ষ্যশ্বৰ বৈশ্য জ্যেষ্ঠ পুত্ৰ জয়ন্ত বৈশ্যই দাৰে আক্ৰমণ কৰি পিতৃক হত্যা কৰে। জয়ন্ত বৈশ্যই পিতৃ লক্ষ্যশ্বৰ বৈশ্যক হত্যা কৰি ভাতৃ বাপুকন বৈশ্যক দাৰে আক্ৰমণ কৰি আহত কৰে। আহত বাপুকন বৈশ্য সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।

আহত বাপুকন বৈশ্য সেনা বাহিনীত কৰ্মৰত। ঘৰুৱা বিবাদক কেন্দ্ৰ কৰি এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। দাৰ আক্ৰমণত আহত লক্ষ্য শ্বৰ বৈশ্য আৰু বাপুকন বৈশ্যক ততাতৈয়াকৈ গুৱাহাটীৰ নাৰায়না হাস্পতাললৈ অনা হয় যদিও লক্ষেশ্বৰ বৈশ্যৰ মৃত্যু হয় আৰু বাপুকন বৈশ্য সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।

পিতৃ আৰু ভাতৃক দাৰে আক্ৰমণ কৰাৰ পিছতে জয়ন্ত বৈশ্যই বিষ পান কৰি আত্মহত্যাৰ চেষ্টা চলায়। আৰক্ষীয়ে জয়ন্ত দাসক উদ্ধাৰ কৰি নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। জয়ন্ত বৈশ্য নিচাজাতীয় দ্ৰব্য সেৱন কৰাৰ বাবে প্ৰায়ে পৰিয়ালটোৰ মাজত সংঘাতৰ সৃষ্টি হৈ আছিল।