গুৱাহাটী : ক’ভিড মহামাৰীয়ে সমগ্ৰ ব্যৱসায়িক খণ্ডটোৰ ৰাজহাড় ভাঙি পেলাইছে। বিশেষকৈ যোৱা দুই বছৰত, বস্ত্ৰ ব্যৱসায়ীসকল ক’ভিডৰ বাবে আটাইতকৈ বেছি প্ৰভাৱিত হৈছে। ক’ভিডৰ ফলত হোৱা প্ৰচুৰ লোকচানৰ বাবে, ক্ষুদ্র পোছাক ব্যৱসায়ীসকল সম্পূর্ণৰূপে বিলুপ্তিৰ পথত উপনীত হৈছে। এনে পৰিস্থিতিত, ক্ষুদ্ৰ কাপোৰ ব্যৱসায়ীসকলক এক নতুন জীৱন প্ৰদান কৰাৰ লক্ষ্যৰে নৰ্থ ইষ্টার্ণ গার্মেন্টছ টেডাৰ্ছ এছ’চিয়েশ্যনে ক্রেতা-বিক্রেতা (Buyer and Seller Meet) সভাৰ আয়োজন কৰিছে।

এই সভাত কাপোৰ ব্যৱসায়ীসকলৰ ব্যৱসায়ক এটা নতুন দিশ দিব পাৰে। এই কথা মনত ৰাখি, এনইজিটিএৰ উদ্যোগত ক্রেতা-বিক্রেতাসকলৰ বাবে তিনিদিনীয়া ক্রেতা-বিক্রেতা সভাৰ আয়োজন কৰা হৈছে। এনইজিটিএ’ৰ উদ্যোগত অনুষ্ঠিত হোৱা ৪২ তম ক্রেতা-বিক্রেতা সভাত সংগঠনটোৰ সভাপতি শেখৰ আগৰৱালাই কয় যে এইবাৰ আগন্তুক উৎসৱ আৰু স্প্ৰিং-চামাৰ কালেকশ্বন সংগ্ৰহৰ কথা মনত ৰাখি ৪২ তম পোছাক সভাৰ আয়োজন কৰা হৈছে।
হোটেল অতিথি, হোটেল ৰাজমহলত, হোটেল বিশ্বৰত্ন, হোটেল মিলেনিউম, এম্বিয়ানছ বেনকুয়েট, হোটেল ডাইনেষ্টি আৰু আশী অপশ্বৰা বেনকুয়েটত এই সভাৰ আয়োজন কৰা হৈছে।

উক্ত অনুষ্ঠানত সংগঠনটোৰ সাধাৰণ সম্পাদক বৰণ ৰুংটা কয় যে বিভিন্ন ৰাজ্যৰ ৫০ জনৰো অধিক ব্যৱসায়ীয়ে ৫০০ ৰো অধিক ব্ৰেণ্ডৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সৈতে অংশগ্ৰহণ কৰিছে। যিবোৰ মহিলা, পুৰুষ, শিশুৰ পোছাক, জোতা আৰু আনুষঙ্গিক সামগ্ৰীৰে পৰিপূৰ্ণ। এই তিনিদিনীয়া বৈঠকত অসমকে ধৰি উত্তৰ-পূব ৰাজ্যসমূহৰ ৫০০ তকৈও অধিক ক্ষুদ্ৰ আৰু ডাঙৰ ব্যৱসায়ীয়ে আগন্তুক উৎসৱ আৰু স্প্ৰিং-চামাৰ কালেকশ্বন সংগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ প্ৰয়োজনীয়তা অনুসৰি বুকিং কৰে। এই ক্রেতা-বিক্রেতা সভাৰ জৰিয়তে গ্ৰাম্য অঞ্চলৰ ক্ষুদ্র ব্যৱসায়ীসকল যথেষ্ট লাভান্বিত হ’ব।

কোষাধ্যক্ষ শৈলেশ গোয়েঙ্কাই কয় যে অসমকে ধৰি উত্তৰ-পূবৰ ব্যৱসায়ীসকলৰ দাবী অনুসৰি এই বৈঠকত পোছাক অন্তৰ্ভুক্ত কৰা হৈছে। এনইজিটিএৰ জনসম্পর্ক বিষয়া ৰাজীৱ অজিত চাৰিয়াই কয় যে সময়ে সময়ে ব্যৱসায়ৰ লগতে সংগঠনটোৰ হৈ বিভিন্ন সামাজিক কাম-কাজ কৰা হয়। কৰোনাৰ বাবে ক্ষতিগ্রস্ত আৰু আৰ্থিকভাৱে দুৰ্বল পৰিয়ালবোৰক সংগঠনটোৰ প্ৰতি সহায় কৰা হৈছিল। এনইজিটিএৰ সভাপতি শেখৰ আগৰৱালা, সাধাৰণ সম্পাদক বৰুণ ৰুংটা, কোষাধ্যক্ষ শৈলেশ গোয়েঙ্কা, জনসম্পর্ক বিষয়া ৰাজীৱ অজিত চাৰিয়া আৰু সকলো সদস্যই এই বৈঠকত অংশগ্রহণ কৰে।