গুৱাহাটী, সংবাদ ৩৬৫, ২৫ ডিচেম্বৰ : সদৌ অসম ছাত্ৰ সন্থা গুৱাহাটী আৰ্টিষ্ট গিল্ড অসম চাৰু কাৰু কলা পৰিষদ দৃশ্যকলা শিল্পী সন্থা, অসমে গুৱাহাটী মহানগৰীৰ লতাশিলত “কা”ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে শিল্পী সমাজ, সাহিত্যিক সমাজে । বিভিন্ন চিত্ৰ অংকন কৰি, শ্বহীদৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি , ৰং-তুলিকা কবিতাৰে সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

অনুষ্ঠানটোত কেইবাগৰাকীও বিশিষ্ট শিল্পীয়ে অংশগ্ৰহণ কৰাৰ লগতে গুৱাহাটী মহানগৰীৰ কেইবাখনো শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ।

প্ৰতিবাদী কাৰ্যসূচীত চিত্ৰৰ জৰিয়তে চৰকাৰৰ ওপৰত ক্ষোভ উজাৰে চিত্ৰশিল্পীসকলে । আনহাতে, কবিতাৰ জৰিয়তেও কবিসকলে ক্ষোভ উজাৰে ।