গুৱাহাটী, সংবাদ ৩৬৫, ২৪ ডিচেম্বৰ : আগন্তুক ৫ দিনত অসমৰ লগতে সমগ্ৰ উত্তৰ-পূবত হ’ব পাৰে বৰষুণ । গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰা অনুসৰি আগন্তুক ৫ দিনত সমগ্ৰ উত্তৰ-পূবত হ’ব বৰষুণ।

গুৱাহাটী মহানগৰীত মঙলবাৰে সৰ্বনিম্ন তাপমাত্ৰা হৈছে ১১ ডিগ্ৰী হোৱাৰ বিপৰীতে আৰু সৰ্বোচ্চ তাপমাত্ৰা ১৪ ডিগ্ৰী ছেলছিয়াছ ।

ইফালে ইম্ফলত সৰ্বনিম্ন তাপমাত্ৰা হৈছে ৪.৩ ডিগ্ৰী ছেলছিয়াছ হোৱাৰ বিপৰীতে ক’হিমাত ৫.৩ ডিগ্ৰী ছেলছিয়াছ। শ্বিলং আৰু চেৰাপুঞ্জীতো সৰ্বনিম্ন তাপমাত্ৰা ৫ ডিগ্ৰী ছেলছিয়াছ ।

বতৰ বিজ্ঞান কেন্দ্ৰটোৰ আগজাননী অনুসৰি অহা ২৭ আৰু ২৮ ডিচেম্বৰত উত্তৰ-পূবৰ কেওকেইখন ৰাজ্যতে পাতলীয়াকৈ হ’লেও বৰষুণ হ’ব ।